আমাৰ মুখৰ ভিতৰত কেতিয়াবা ঘাঁ হয়। মুখৰ ভিতৰৰ ঘাঁ বৰ কষ্টদায়ক। খাদ্য খাবলৈ যথেষ্ট অসুবিধা হোৱাৰ লগতে গোটা বস্তু চোবাই খাব নোৱাৰা হওঁ। জুলিয়া বস্তু খাই ভোক নিবাৰণ কৰিব লগাত পৰে । তাৰোপৰি আমি ভালকৈ কথা পাতিবলৈ অপাৰগ হওঁ। কি কাৰণত আমাৰ মুখৰ ভিতৰত ঘাঁ হয় আৰু কি উপায়েৰে এই ঘাঁ ৰ পৰা পৰিত্ৰান পাব পাৰো জানো আহক-
খাদ্যপ্ৰাণ ‘খ’ৰ অভাৱ হ’লেও মুখৰ ভিতৰত ঘাঁ হ’ব পাৰে। ভেকুৰৰ সংক্ৰমণৰ কাৰণেও মুখৰ ভিতৰৰ ছালত ঘাঁ হ’ব পাৰে। ।
১) মুখৰ ভিতৰত ঘাঁ হ’লে মহানিমৰ পাত আৰু তুলসীৰ পাত সিজোৱা কুহুমীয়া পানীৰে মুখৰ ভিতৰখন ভালদৰে ধুব লাগে।
২) শুহনি বনৰ ফুল ৭/৮ টা পানীত ধুই মৌৰ সৈতে দিনত ৩/৪ বাৰ চোবাই খালে মুখৰ ভিতৰৰ ঘাঁ শুকায়।
৩) আমলখিৰ গুড়া ২ চামুচ , ২ চামুচ মৌ মিহলি কৰি দিনত ২ বাৰকৈ খাব লাগে।
৪) খাদ্যপ্ৰাণ ‘খ’ যুক্ত ফল-মূল আৰু শাক – পাচলি নিয়মীয়াকৈ খাব লাগে।
৫) গৰম পানীত নিমখ মিহলাই কুলকুলিয়ালে উপকাৰ পোৱা যায়।
৬) এক চামুচ জালুকৰ গুড়াত দুই চামুচ কলীয়া তুলসীৰ ৰস আৰু দুই চামুচ মৌ মিহলাই নিয়মীয়াকৈ খাব লাগে।
৭) কেঁচা হালধিৰ ৰসেৰে মুখ কুলকুলিয়ালে সুফল পোৱা যায়।