বিভিন্ন ৰোগৰ ঔষধি গুণ যুক্ত ফল হ’ল আমলখি। সংস্কৃতত আমলখিক ধাত্ৰী ফল বুলি কোৱা হয়।মাকে যেনেকৈ শিশুক প্ৰতিপালন কৰে ঠিক সেইদৰে আমলখিয়েও মানুহক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰি সু স্বাস্থ্য দিয়ে। কেঁহা জাতীয় আমলখিয়ে প্ৰায় সকলো ৰোগ আৰোগ্য কৰাৰ লগতে ৰোগ প্ৰতিৰোধ কৰা শক্তি বৃদ্ধি কৰে।
১) কেঁচুৱাক প্ৰতিদিনে ১০ গ্ৰাম কৈ আমলখিৰ ৰস খুৱালে শিশুৰ পয়ালগা ৰোগ ভাল হয় আৰু শিশুৰ স্বাস্থ্য দিনে দিনে ধুনীয়া হৈ পৰে।
২) আমলখিৰ ৰস বগা চন্দনৰ লগত মিহলি কৰি কপালত সানিলে মূৰৰ কামোৰণি ভাল হয়।
৩) সৰু ল’ৰা-ছোৱালীয়ে বিছনাত প্ৰস্ৰাৱ কৰিলে ১গ্ৰাম আমলখিৰ ৰসৰ লগত ২ গ্ৰাম ক’লা জিৰা পিহি মিছিৰিৰ লগত খুৱাব লাগে।
৪) শৰীৰত মেদ কমাবলৈ হ’লে দিনত চাৰিটাকৈ আমলখি খাব লাগে।
৫) আমলখিৰ ৰস মৌৰ লগত ৰাতিপুৱা খালে দৃষ্টিশক্তি বৃদ্ধি হয়।
৬) আমলখি প্ৰতিদিনে ৪/৫ টাকৈ খালে মগজুৰ দুৰ্বলতা নাশ হয়।
৭) কেইটামান আমলখি থেঁতেলিয়াই এৰাতি মূৰত বান্ধি ৰাখিলে চুলি সৰা বন্ধ হয়।
৮) কেঁচা আমলখিৰ ৰস দিনে ১০ গ্ৰাম কৈ একেৰাহে তিনিদিন ৰাতিপুৱা শুদা পেটত খালেই কৃমি মৰে।
৯) চকু ৰঙা পৰা ৰোগত ২/৩ টোপাল আমলখিৰ ৰস দিলে সহজে আৰোগ্য হয় ।
১০) বদ হজম নাশ কৰিবলৈ আমলখিৰ ৰসৰ উপৰি ইয়াৰ কুমলীয়া পাত ব্যৱহাৰ কৰিব পাৰি।
১১) প্ৰস্ৰাৱত হঠাতে তেজ পৰিলে , আমলখিৰ ৰসত কুঁহিয়াৰৰ ৰস মিহলি কৰি তাত অলপ মৌ দি খালে তেজ পৰা বন্ধ হয়।
১২) পেট কামোৰণিত আমলখিৰ গুড়া মৌজোলৰ লগত খালে ৰোগ ভাল হয়।
১৩) আমলখিৰ গুড়া মৌৰ লগত মিহলি কৰি খুৱালে কেঁচুৱাৰ বিভিন্ন ৰোগ প্ৰতিৰোধ হয়।
১৪) মেলেৰিয়া জ্বৰ হৈ থাকিলে আমলখি ৪/৫ টা থেঁতেলিয়াই ঘিউত ভাজি খালে জ্বৰ নাইকিয়া হয়।
১৫) আমলখিৰ আটাইতকৈ ডাঙৰ গুণ হৈছে ইয়াত ফলিক এচিড পোৱা যায়। এই ফলিক এচিডৰ Antiox idant ধৰ্ম আছে। ই মানুহক ডেকা কৰি ৰাখে।