আম গছ অতি পৱিত্ৰ গছ। ভাৰতীয় সংস্কৃতিত বিশেষকৈ অসমীয়া সংস্কৃতিত আম গছৰ ডাল-পাতৰ বিশেষ গুৰুত্ব আছে। হিন্দু ধৰ্মৰ বিভিন্ন মাংগলিক কাৰ্যত আমৰ পাত অতি প্ৰয়োজনীয় বুলি আমি সকলোৱে জানো। মাংগলিক কাৰ্যত ব্যৱহৃত আম পাতৰ আছে বিশেষ ঔষধি গুণ। জানো আহক-
১) গ্ৰহণী ৰোগত আমৰ কুমলীয়া পাতৰ ৰস ৫ গ্ৰামত ১০ গ্ৰাম ছাগলীৰ গাখীৰ আৰু দুই চামুচ মৌজোল মিহলি কৰি দিনে ২/৩ বাৰ খালে গ্ৰহণী ৰোগ ভাল হয়।
২) ২৫ গ্ৰাম কুমলীয়া আমৰ পাত খুন্দি তাক এগিলাচ গৰম পানীত দিনে দুবাৰ কৈ গৰমে গৰমে খালে ৰোগৰ বীজানু নাশ হয়।
৩) প্ৰবাহিকা ৰোগত আম , অমৰা আৰু বৰ জামুৰ কুমলীয়া পাত খুন্দি তাৰ তিনি চামুচ ৰসত সামান্য চেনি মিশ্ৰণ কৰি দিনে দুবাৰ কৈ ৩/৪ দিন খালে ভাল হয়।
৪) আমৰ কুঁহিপাতৰ ৰসে বমি বন্ধ কৰিব পাৰে।
৫) আমৰ পাত পুৰি তাৰ ছাই ঘা’ত লগালে ঘা’ সহজে শুকায়।
৬) আমৰ পাত ৰ’দত শুকুৱাই মিহি কৰি খালে বহুমূত্ৰ ৰোগ ভাল হয়।