আধুনিক জীৱন -যাপন পদ্ধতিত আমাৰ খাদ্যৰ তালিকা বা সময়ৰ বহুত পৰিৱৰ্তন হ’ল। বাহিৰৰ খাদ্য খোৱাৰ প্ৰৱনতা বা বহু ৰাতি আহাৰ গ্ৰহণ আদি যেন আমাৰ অভ্যাসত পৰিণত হ’বলৈ ধৰিলে। এই অভ্যাস সমূহে আমাৰ শৰীৰৰ কাৰণে বিপদ মাতি আনে। জানো আহকচোন কোন সময়ত কি খাদ্য গ্ৰহণ কৰিব লাগে বা ৰাতিৰ আহাৰ কিমান সময়ত খোৱা উচিত।
বিশেষজ্ঞ সকলৰ মতে , ৰাতি ৮ বজাৰ ভিতৰত ৰাতিৰ আহাৰ খোৱা উচিত। ৰাতি দেৰিকৈ আহাৰ গ্ৰহণ কৰিলে হজমৰ সমস্যা হয়। বদহজমৰ কাৰণে পেট ফুলে আৰু অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি হয়।
ৰাতি ৮ বজাৰ ভিতৰত আহাৰ গ্ৰহণ কৰিলে শৰীৰে কেলৰী খৰচ কৰিবৰ বাবে বহুত সময় পায়। ইয়াৰ ফলত হজম ক্ষমতা ভাল হয় আৰু হজম ক্ষমতা বৃদ্ধি পালেই শৰীৰৰ ওজন নিয়ন্ত্ৰণত থাকে।
ডায়বেটিছ , থাইৰয়েড , পিসিয়ডি আৰু হৃদৰোগীৰ বাবে অতি পাতল আহাৰ আৰু সোনকালে খাবলৈ পৰামৰ্শ দিয়ে বিশেষজ্ঞ সকলে।
ৰাতিৰ আহাৰত ছডিয়াম যুক্ত খাদ্য গ্ৰহণ কৰা উচিত নহয় বুলি বিশেষজ্ঞ সকলে জানিবলৈ দিয়ে। ডাইল , পাপৰ , শাক -পাচলি আদিকে কৰি মাংস আদি সকলো ধৰণৰ ৰান্ধাত নিমখ ব্যৱহাৰ কৰা হয়। নিমখৰ পৰিমাণ শৰীৰত বেছি হোৱাৰ ফলত পেট ফুলে আৰু শৰীৰত অশান্তি হয়। ইয়াৰ ফলত উচ্চ ৰক্তচাপ বৃদ্ধি হ’ব পাৰে বা হাৰ্টৰ সমস্যাও হ’ব পাৰে।
ৰাতি দেৰিকৈ আহাৰ গ্ৰহণ কৰিলে শৰীৰত টক্সিন জমা হ’বলৈ ধৰে। যাৰ ফলত পেট ফুলা , কোষ্ঠকাঠিন্য , শৰীৰত চৰ্বি জমা হোৱাৰ দৰে অসংখ্য সমস্যাই দেখা দিয়ে। এটা সুন্দৰ চেহেৰাৰ অধিকাৰী হ’বলৈ বিচাৰিলেও ৰাতি পলমকৈ আহাৰ গ্ৰহণ কৰা উচিত নহয়।