ফ্ৰীজৰ পৰা ঠাণ্ডা পানী খালে বহু লোকৰে ডিঙিৰ সমস্যা হয় ৷ গতিকে, আন খাদ্য ফ্ৰীজত ৰাখিলেও গৰমৰ দিনত মাটিৰ কলহত বহু লোকে পানী ৰাখে। মাটিৰ পাত্ৰত পানী ৰাখিলে পানী শীতল হৈ থাকে আৰু শৰীৰৰ উপকাৰো হয়। মাটিৰ পাত্ৰত অসংখ্য অণুবীক্ষণিক ছিদ্ৰ থাকে। এই ছিদ্ৰবোৰৰ মাজেৰে সামান্য পৰিমাণৰ পানী বাহিৰৰ পৃষ্ঠলৈ সোমাই বাষ্পীভৱন হয়। পানী বাষ্পীভৱন হোৱাৰ লগে লগে কিছু তাপ শোষণ কৰে। ফলত পাত্ৰটো ঠাণ্ডা হৈ থাকে। গৰমৰ দিনত যদি ঠাণ্ডা পানী খাব বিচাৰে তেন্তে ফ্ৰীজৰ পৰা পানী খোৱাৰ পৰিৱৰ্তে মাটিৰ কলহৰ পানী খোৱাই ভাল। জানি লওক, দৈনন্দিন জীৱনত এই সৰু পৰিৱৰ্তন কৰাৰ পিছত শৰীৰৰ কি উপকাৰ হ’ব?
১)বিভিন্ন কামৰ কাৰণে বহুতে ইচ্ছা নকৰিলেও ৰ’দত ওলাই যাব লগা হয়। প্ৰচণ্ড গৰমত বহু লোকে হিট ষ্ট্ৰোকত আক্ৰান্ত হয়। মূৰ ঘূৰোৱা, বমি ভাব হয়। ঘৰলৈ উভতি অহাৰ পিছত সেই সময়ত মাটিৰ পাত্ৰৰ পৰা পানী খালে সকাহ পোৱা যায়। ইয়াত থকা খনিজ পদাৰ্থ আৰু ভিটামিনসমূহে শৰীৰক শক্তিশালী কৰি ৰখাত সহায় কৰে।
২)ফ্ৰিজৰ পৰা ঠাণ্ডা পানী খালে ডিঙিৰ সংক্ৰমণৰ আশংকা থাকে। যিসকলৰ চৰ্দিৰ প্ৰৱণতা থাকে, তেওঁলোকৰ ফ্ৰ’জেন পানী খাবলৈ বহুত অসুবিধা হয়। কিন্তু মাটিৰ পাত্ৰৰ পানী খালে শৰীৰ শীতল হয় আৰু ডিঙিৰ সংক্ৰমণৰ কোনো আশংকা নাথাকে।
৩) মাটিৰ কলহত পানী ৰাখিলে পাচনতন্ত্ৰ উন্নত হয়। পেটত খাদ্য হজম কৰিবলৈ বহু প্ৰকাৰৰ এচিড উৎপন্ন হয়। মাটিৰ পাত্ৰত পানী ৰাখিলে পানীত ক্ষাৰকীয় পদাৰ্থৰ পৰিমাণ বৃদ্ধি পায়। ফলত এই পানী খালে পেটৰ বিভিন্ন প্ৰকাৰৰ এচিড লাঘৱ হয়, আৰু এচিড-ক্ষাৰকীয় ভাৰসাম্য ৰক্ষা হয়। গৰম বতৰত হজম শক্তি কঠিন, মাটিৰ পাত্ৰত ৰখা পানী খোৱাটোৱে হজম শক্তিত সহায় কৰে।