বৰ্তমান যুগত চুলিৰ সমস্যাত সকলোৱে কম-বেছি পৰিমাণে ভূগে । অকল নাৰীয়ে নহ’য় পুৰুষও চুলি সৰাৰ সমস্যাত ভোগে আৰু বহতো পুৰুষ তপা হোৱা দেখা যায়। বিভিন্ন কাৰণত চুলি সৰে যদিও কিছুমান খোৱা খাদ্যৰ পৰাও চুলি সৰা দেখা যায়। জানো আহকচোন এই খাদ্য বোৰৰ বিষয়ে—
১) প্ৰচুৰ পৰিমাণে মিঠা জাতীয় খাদ্য বা চেনি খালে চুলি সৰিব পাৰে। অতিমাত্ৰা চেনি খোৱাৰ ফলত মূৰত টাকও পৰিব পাৰে।
২) ময়দাৰ পৰা প্ৰস্তুত কৰা লুচি বা পৰোঠা সঘনাই খাই থাকিলেও চুলিৰ ক্ষতি কৰে। কাৰণ ময়দাত থকা গ্লাইসেমিক ইনডেক্স বা জি আই -এৰ পৰিমাণ হৰমোনেৰ সমতা নষ্ট কৰে ফলত চুলি সৰাৰ আশংকাই দেখা দিয়ে। পাউৰুটিও খোৱা খাদ্যৰ তালিকাৰ পৰা বাদ দিয়া উচিত।
৩) এলকোহলৰ প্ৰভাৱত চুলিৰ যথেষ্ট ক্ষতি হ’ব পাৰে। অতিৰিক্ত মদ্যপান কৰিলে হেয়াৰ ফলিকল নষ্ট হোৱাৰ উপৰিও পৰিমিত মদ্যপানত চুলি ক্ষতিগ্ৰস্ত হয়। এলকোহলে চুলিৰ স্বাভাৱিক প্ৰোটিন কেৰাটিনক নষ্ট কৰি চুলিক দুৰ্বল কৰি তোলে।
৪) অতি বেছি ভজা বস্তু খালে অৰ্থাৎ তেল বেছিকৈ খালে হৃদৰোগৰ আশংকাৰ লগতে ওজনো বাঢ়ে। তেলত ভজা বস্তু বেছিকৈ খালে মূৰৰ ছাল তেলেতীয়া হয় আৰু মূৰৰ ছালৰ ছিদ্ৰবোৰ বন্ধ হৈ যায়। ইয়াৰ ফলত চুলি ক্ষতিগ্ৰস্ত হ’ব পাৰে।
মুঠতে তপা হোৱাৰ পৰা বাচি থাকিবলৈ হ’লে খাদ্য তালিকাৰ পৰা এই চাৰিবিধ বস্তু বাদ দিবই লাগিব।