ৰাতিপুৱা গাখীৰ এগিলাচ খোৱাটো শিশু আৰু প্ৰাপ্তবয়স্ক লোকৰ কাৰণে খুবেই প্ৰয়োজন। সদায় পুৱা জলপান খোৱাৰ সময়ত গাখীৰৰ লগত খিচমিচ মিহলাই খালে যথেষ্ট উপকাৰ পোৱা যায়। প্ৰতিদিনে ৪/৫ টাকৈ খিচমিচ গাখীৰত উতলাই খালে বহুতো গুৰুতৰ বেমাৰৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰি। খিচমিচ ঔষধি গুণেৰে সমৃদ্ধ ।জানো আহকচোন খিচমিচৰ বিষয়ে —
১) খিচমিচ হাড়ৰ কাৰণে অত্যন্ত উপকাৰী। খিচমিচ গাখীৰৰ লগত মিহলাই খালে কেলচিয়ামৰ পৰিমাণ বৃদ্ধি হয় ।গতিকে হাড় সুৰক্ষিত হয় আৰু আৰ্থাইটিছৰ দৰে সমস্যাৰ পৰা সুৰক্ষিত হয়।
২) খিচমিচত উচিত পৰিমাণৰ বিটা কেৰোটিন থাকে যি চকুৰ বাবে অত্যন্ত উপকাৰী। খিচমিচ সদায় খালে চকুৰ দৃষ্টি শক্তি বৃদ্ধি হয়।
৩) খিচমিচ গাখীৰত উতলাই খালে শৰীৰত ৰক্তহীনতা উপশম কৰাত সহায়ক হয়। আনহাতে খিচমিচে তেজ বৃদ্ধি কৰে।
৪) গাখীৰৰ লগত দৈনিক খিচমিচ সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। দুৰ্বল শৰীৰৰ মানুহে গাখীৰৰ লগত খিচমিচ খালে যথেষ্ট উপকাৰ পাব।
৫) কোষ্ঠকাঠিন্য সমস্যাৰ বাবে খিচমিচ অতি উপকাৰী। ৰাতি শোৱাৰ আগতে গাখীৰত খিচমিচ উতলাই খালে কোষ্ঠকাঠিন্য সমস্যা দূৰ হয়।