শৰীৰত খাদ্য প্ৰাণ ‘গ’ ৰ অভাব হ’লে , দাাঁত পোকে খোৱাৰ ফলত বা দাঁতৰ আন ৰোগৰ ফলত দাঁত লৰিব পাৰে। প্ৰথমতে দাঁতৰ বিষ হয় আৰু লাহে লাহে দাঁত লৰিবলৈ ধৰে। ঘৰুৱা উপায়েৰে আমি দাঁত লৰা ৰোগৰ পৰা উপশম পাব পাঁৰো।
১) বকুলৰ গুটি ২/৩ টা চোবালে দাঁত লৰা বন্ধ হয়। অৰ্থাৎ দাঁতৰ গুৰি দৃঢ় হয়।
২) ভীম কলৰ কেঁচা ঠাৰি এডাল কাটি যিমান সময় পৰা যায় চোবালে দাঁত লৰা বন্ধ হয়।
৩) কুমলীয়া এচাৰি জুইত অলপ সেকি লৈ লৰা দাঁতেৰে কামুৰি ধৰিলে দাঁত লৰা ভাল হোৱা দেখা যায়।
৪) কেঁচা নিমৰ ঠাৰিৰে দাঁত মাজিব লাগে।
৫) তিতা বস্তু খাব লাগে। খাদ্যপ্ৰাণ ‘গ’ যুক্ত আহাৰ পিচুৰ পৰিমাণে খাব লাগে।