আমাৰ শৰীৰত থকা এটা অংগ হ’ল এপেণ্ডিক্ম। এই এপেণ্ডিক্ম অংগটো কেৱল মানুহ আৰু বান্দৰৰ হে থকা দেখা যায়। বৃহৎ অন্ত্ৰৰ লগত ই লাগি থাকে। ইয়াৰ দৈৰ্ঘ সাধাৰণতে ৭. ৫ ছে. মি. যদিও কেতিয়াবা ইয়াৰ দৈৰ্ঘ্য দুগুণতকৈ বেছি হ’ব পাৰে। সাধাৰণতে এপেণ্ডিক্ম দেখিবলৈ ঘুৰণীয়া পেলুৰ দৰে। ইয়াৰ বেৰখন পেশীৰে গঠিত যদিও ভিতৰখন ফোপোলা। এই এপেণ্ডিক্ম কেতিয়াবা বীজাণুৰ দ্বাৰা আক্ৰান্ত হৈ ফুলি উঠে। এনেদৰে ফুলি উঠিলে এপেণ্ডিচাইটিচ বুলি কোৱা হয়। বৰ্তমান মানুহৰ খাদ্যাভ্যাস সলনি হোৱাৰ কাৰণেও বিশেষকৈ প্ৰ’টিনযুক্ত খাদ্য অধিক পৰিমাণে খোৱাৰ কাৰণেও এপেণ্ডিচাইটিচ হ’ব পাৰে। এপেণ্ডিক্স ভালে ৰাখিবৰ কাৰণে নিতৌ অন্ততঃ একোটাকৈ গাজৰ খোৱা ভাল। তদুপৰি আমলখি , শিলিখা আৰু কেঁচা হালধিৰ ৰস উপকাৰী।
আমাৰ শৰীৰত থকা বৃহদান্ত্ৰৰ কেইবাটাও ভাগ আছে। ইয়াৰ ভিতৰত চিকাম , এপেণ্ডিক্স , মলভাণ্ড, মলনলী আদিয়েই প্ৰধান। বৃহদ্ৰান্ত্ৰ ভালে ৰাখিবলৈ হ’লে যথেষ্ট পৰিমাণে পানী , আঁহযুক্ত বস্তু যেনে :- পচলা , ঔটেঙা , চজিনা , বেল , কাঠফুলা , ঢেঁকীয়া আদি খাব লাগে। ত্ৰিফলা উপকাৰী। দৈনিক অন্ততঃ দুটাকৈ আমলখি খালে বৃহদান্ত্ৰ ভালে থাকে। আমলখিৰ দুই চামুচ ৰসত এচামুচ মৌ মিহলাই তাত এচামুচ কলীয়া তুলসীৰ ৰস মিশ্ৰণ কৰি নিয়মীয়াকৈ খালে বৃহদান্ত্ৰ হোৱা ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।