দৃষ্টিশক্তি হ্ৰাস পোৱাৰ বাবে বৰ্তমান সময়ত চশমা পৰিধান কৰা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। কিন্তু বহুলোকে চশমা পৰিধান কৰিবলৈ অসুবিধা পায়। যাৰ বাবে তেওঁলোকে বিকল্প হিচাপে ব্যৱহাৰ কৰি আহিছে চফ্ট কনটেক্ট লেন্সৰ। কিন্তু আপুনি জানেনে এই চফ্ট কনটেক্ট লেন্স কোনে উদ্ভাৱন কৰিছিল? এই লেন্স উদ্ভাৱন কৰিছে চেক গণৰাজ্যৰ কেমিষ্ট অত্ত্ব উইচটেৰলে । আজি হৈছে এই বিখ্যাত কেমিষ্ট গৰাকীৰ 108 সংখ্যক ওপজা দিন।
চেক গণৰাজ্যৰ প্ৰষ্টেজ’ভত 1913 চনৰ আজিৰ দিনটোতে তেওঁ জন্ম লাভ কৰিছিল। সৰুৰে পৰাই উইচটেৰলে আছিল বিজ্ঞানৰ প্ৰতি আগ্ৰহী। প্ৰেগ ইনষ্টিটিউট অব কেমিকেল টেকনলজীৰ পৰা 1936 চনত জৈৱিক ৰসায়নত ডক্টৰেট ডিগ্ৰী লাভ কৰে। একেখন ইনষ্টিটিউটত তেওঁ অধ্যপনাও কৰিছিল। চফ্ট কনটেক্ট লেন্সৰ উপৰিও তেওঁ অত্যাধুনিক চিকিৎসা ব্যৱস্থালৈ কেতবোৰ বিশেষ অৰিহণা আগবঢ়াই থৈ গৈছে।
স্মাৰ্ট বায়’মেটেৰীয়েল হৈছে তেওঁৰ আধুনিক চিকিৎসা ব্যৱস্থাৰ অন্যতম উদ্ভাৱন। আজি তেওঁৰ ওপজা দিনত গুগলে ডুডুলত তেওঁৰ ছবি প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।