অফিচৰ চকী হওক বা ঘৰৰ কম্পিউটাৰ হওক, বহুতে বহিলে এখন ভৰি আন এখন ভৰিৰ ওপৰত তুলি লয়। আপোনাৰো একেই স্বভাৱ আছে নেকি? যদি আছে তেন্তে সাৱধান হওক। এনেদৰে বহাটো বৰ আৰামদায়ক যদিও ই বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। এইদৰে বহিলে আপুনি কি কি সমস্যাৰ সন্মুখীন হ’ব পাৰে জানি লওক।
১) ভৰিৰ ওপৰত ভৰি তুলি বহু সময় বহি থাকিলে শৰীৰত ৰক্ত সঞ্চালন কমি যায়। ইয়াৰ ফলত তেজ জমা হোৱাৰ লগতে উচ্চ ৰক্তচাপৰ আশংকা থাকে। আমাৰ দৈনন্দিন অভ্যাসে ৰক্তচাপ বৃদ্ধি কৰে। ইও তাৰ ভিতৰত অন্যতম।
২)এটা অৱস্থাত বহু সময় বহি থাকিলে স্নায়ু পক্ষাঘাত হ’ব পাৰে। আৰু এটা আঁঠু আনটো আঁঠুত ৰাখি বহু সময় বহি থাকিলে এই সমস্যা বেছিকৈ দেখা দিব পাৰে।
৩)এই অৱস্থাত বেছি সময় বহি থাকিলে তেজ জমা হৈ শিৰাৰ সমস্যাৰ সৃষ্টি হয়।
৪) প্ৰতিদিনে তিনি ঘণ্টাৰো অধিক সময় ভৰিৰ ওপৰত বহি থাকিলে পিঠি, ডিঙি, নিতম্বৰ হাড়ৰ বিষ আৰু লাহে লাহে কুঁজা হৈ যোৱাৰ সমস্যা দেখা দিবলৈ আৰম্ভ কৰে। ইয়াৰ বাবেও পিঠিত তীব্ৰ বিষ হয়। নিতম্বৰ বিষো হ’ব পাৰে।
৫) এই অৱস্থাত বেছি সময় বহি থাকিলে শৰীৰত ৰক্ত সঞ্চালন বিঘ্নিত হয়। ফলত ভৰি টানি ধৰা, পেশী টান হোৱা আদি সমস্যা বাঢ়ি যায়।