গ্ৰীষ্মকালত প্ৰচণ্ড ৰ’দৰ বাবে টেংকিৰ পানী সাধাৰণতে গৰম হৈ পৰে । গ্ৰীষ্মকালত কোনেও গৰম পানীত গা ধুব নিবিচাৰে। ইয়াৰ বিপৰীতে ঠাণ্ডা পানীত গা ধুই গৰমৰ দিনত শৰীৰৰ জ্বলন অনুভূতি কম কৰিব বিচাৰে । গৰমৰ দিনত টেংকিৰ পানী এনে লাগে যেন গিজাৰত গৰম কৰা হৈছে ৷ কিন্তু টেংকিৰ অতি গৰম পানীত গা-ধূলে ছাল-চুলিৰ অনিষ্ট হ’ব পাৰে ৷
১) অত্যাধিক গৰম পানীত গা ধুলে ছালৰ নিজৰ চেবাম নষ্ট হয়। ফলত ছাল শুকান হ’ব পাৰে। সংবেদনশীল ছাল জ্বলা-পোৰা কৰিব পাৰে ৷ গৰম পানীত গা ধুলে চুলি সৰাৰ পৰিমাণ বৃদ্ধি পায়। মূৰৰ ছাল অত্যধিক শুকান হ’লে উফি বাঢ়ি যায় ৷
২) এই গৰম পানী অসাৱধানতাৰ বাবে চকু, নাক বা কাণত প্ৰৱেশ কৰিলেও বিপদজনক। অত্যধিক গৰম পানী কেৱল ছালৰ বাবেই নহয়, এই সকলোবোৰ সংবেদনশীল অংশৰ বাবেও বিপদজনক হৈ উঠিব পাৰে।
এই সমস্যাৰ সমাধান কি?
পোনপটীয়া সূৰ্যৰ পোহৰ পৰাৰ আগতে টেংকৰ পানীত গা ধুব পাৰে। যদি এইটো সম্ভৱ নহয় তেন্তে গা ধোৱাৰ দুঘণ্টামান আগতে বাল্টিটোত পানী ভৰাই থব লাগে ৷ যদি সেয়া সম্ভৱ নহয়, তেনে ক্ষেত্ৰত ফ্ৰীজত ৰখা ঠাণ্ডা পানী টেপৰ পৰা উতলি থকা পানীৰ লগত মিহলাই ল’ব পাৰি।