খাদ্য খোৱাৰ অনিয়ম , পানী কম খোৱা আৰু বাহিৰৰ খোৱা খাদ্য গ্ৰহণ কৰা আদি বিভিন্ন কাৰণত মাজে মাজে পেটৰ বিষ হয়। এনে ধৰণৰ বিষ গুৰুত্ব দিয়া নহয় যদিও বহুতৰে পেটৰ সোঁফালে মাজে মাজে বিষ হয়। প্ৰায়েই পেটৰ সোঁফালে বিষহৈ থাকিলে অৱহেলা কৰা উচিত নহয়। প্ৰধানত তিনিটা বিশেষ কাৰণত পেটৰ সোঁফালে বিষ হ’ব পাৰে। জানো আহকচোন কাৰণ সমূহ —–
১) পেটৰ সোঁফালে বিষ হোৱাৰ প্ৰধান কাৰণ হ’ল , অম্ল। গেছ , অম্ল প্ৰায় প্ৰতিদিনৰ সমস্যা। খোৱাৰ অনিয়ম হ’লেই বুকু জলা পোৰা , মুখৰ ভিতৰত টেঙা ভাৱ অহা আদি সমস্যাই দেখা দিয়ে। ইয়াৰ উপৰিও পেটৰ সোঁফালে বিষ হোৱাৰ হোৱাৰ আন এটা কাৰণ অম্ল হ’ব পাৰে।
২) অস্বাস্থ্যকৰ জীৱন-যাপন , বাহিৰৰ খাদ্য খোৱাৰ প্ৰৱনতা , পানী কম খোৱা আদি কাৰণত লিভাৰত ফেট জমা হোৱা সমস্যাই দেখা দিয়ে। পেটৰ সোঁফালে বিষ হ’লে ফেটি লিভাৰ হোৱাৰ এটা কাৰণ হ’ব পাৰে। প্ৰায়েই এনে ধৰণৰ বিষ হৈ থাকিলে ডক্টৰৰ পৰামৰ্শ লোৱা উচিত।
৩) বহুত দিন ধৰি পেটৰ সোঁফালে বিষ হৈ থাকিলে এপেনডিক্স হোৱাৰ আশংকা কৰিব পাৰি। এপেনডিক্সৰ এটা কাৰণেই হ’ল পেটৰ সোঁফালে বিষ হোৱা ।
৪) শৰীৰৰ যি ঠাইত মৰণ কাতৰ বিষ সৃষ্টি হয় তাতেই কেঞ্চাৰৰ উপসৰ্গ বিলাক দেখা দিয়ে। পেটৰ সোঁফালে বিষ একেধাৰে হৈ থাকিলে পাকস্থলীৰ কেঞ্চাৰৰ লক্ষণ হ’ব পাৰে। বহুদিন ধৰি হোৱা বিষ গুৰুত্ব নিদিয়াকৈ থাকিলে কেঞ্চাৰ বিয়পি পৰিব পাৰে। গতিকে মাজে মাজে এনে বিষ হৈ থাকিলে গুৰুত্ব সহকাৰে ল’ব লাগে আৰু ডক্টৰৰ পৰামৰ্শ লোৱা উচিত।