গৰমৰ দিনত দেখা দিয়ে ছালৰ সমস্যা। গৰমৰ দিনত বহুতৰে ঘামচি ওলায় । যাৰ বাবে শৰীৰত খজুৱতি হয় ৷ খজুৱালে শৰীৰত আচোৰ পৰে আৰু ৰঙা হৈ উঠে ৷ যদিও বজাৰত পোৱা কিছুমান গুড়ি বা চাবোনে এই সমস্যা দূৰ কৰিব পাৰে বুলি দাবী কৰে, তথাপিও ইয়াত বিভিন্ন ৰাসায়নিক পদাৰ্থ থাকে। সেয়েহে ঘৰুৱা প্ৰতিকাৰেৰে সাধাৰণতে এই খজুৱতিৰ সমস্যা দূৰ কৰিব পাৰে। কেনেকৈ সম্ভৱ হয় জানেনে?
১) শুকান কাপোৰত কেইটুকুৰা বৰফ লৈ খজুৱতি হোৱা স্থানত ১০-১৫ মিনিট লগাব। দিনটোত ৩-৪ বাৰ এনে কৰিলে ভাল ফলাফল পাব।
২) চাৰি চামুচ মুলতানী মাটি গোলাপ জলৰ লগত মিহলাই খজুৱতি হোৱা স্থানত লগাব। কিছু সময় শুকানকৈ ৰাখিব। পিছত ধুই পেলাওক। আপুনি লাভৱান হ’ব।
৩) এলোভেৰা হৈছে ছালৰ ৰোগৰ সৰ্বোত্তম নিৰাময়। কেৱল এলোভেৰাৰ ৰস বা হালধিৰে এলোভেৰাৰ ৰস লগাব লাগে। কিছু সময় লগাই ধুই পেলাওক। আপুনি লাভৱান হ’ব।
৪) নিম পাত খজুৱতি প্ৰতিৰোধী হিচাপে অতি ফলপ্ৰসূ। নিম পাতৰ ৰসৰ লগত গোলাপ জল মিহলাই খজুৱতি হোৱা স্থানত লগাব।
৫) চন্দন কাঠৰ গুড়ি ২ চামুচ গোলাপ জলৰ লগত মিহলাই ঘামচি হোৱা স্থানত লগাব। চন্দনৰ পেষ্টে ছালখন ঠাণ্ডা কৰি খজুৱতিৰ সমস্যা দূৰ কৰিব।