শৰীৰটো সুস্থ কৰি ৰাখিবলৈ কেৱল পানী নহয়, ফলমূল খোৱাটো জৰুৰী। দৈনিক ফল-মূল খালে শৰীৰ সুস্থ হৈ থাকে। ৰোগৰ পৰা আঁতৰি থাকিবলৈ সঁচাকৈয়ে বতৰৰ ফল খোৱাৰ বিকল্প নাই। ইয়াৰ বাহিৰেও ফলত পানীৰ পৰিমাণ বেছি। মানসিক চাপ আৰু ব্যস্ততাৰ বাবে সঘনাই পানী খোৱাৰ কথা মনত নাথাকে। তেনে ক্ষেত্ৰত ফল খালে শৰীৰৰ পানীৰ অভাৱ পূৰণ হয়। গতিকে ফলমূল খোৱাটো অতি প্ৰয়োজনীয়। কিন্তু ফল-মূল খোৱাৰ কিছুমান নিয়ম আছে। কিছুমান ফল ৰাতি শোৱাৰ আগতে নাখালে ভাল। যদি খায় তেন্তে ফলাফল ওলোটা হ’ব পাৰে।
কল
যদিও কল শৰীৰৰ বাবে অতি উপকাৰী, তথাপিও এই ফল ৰাতি নাখালে ভাল। কল সহজে হজম নহয়। পাচনত সময় লাগে। ফলত পেটৰ বিষ হব পাৰে। লগতে ৰাতি কল খালে ওজন বৃদ্ধি হব পাৰে। গতিকে ৰাতি কল নাখোৱাই ভাল।
অমিতা
আঁহযুক্ত এই ফলবিধে ওজন কমাবলৈ সহায় কৰে। কিন্তু ৰাতি অমিতা নোখোৱাই ভাল। অমিতাত আঁহ থাকে যদিও এই ফল খোৱাৰ পিছত কিছুমান লোকে গেছৰ সমস্যাত ভোগে ।
আঙুৰ
আঙুৰ হৈছে ছাইট্ৰাছ ফলৰ ভিতৰত অন্যতম। এই ফলবিধত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। ইয়াৰ পিছতো আঙুৰ খাই বহুতে ঠাণ্ডা অনুভৱ কৰে। গতিকে ৰাতি আঙুৰ নাখোৱাই ভাল। ইয়াৰ বাহিৰেও আঙুৰ এচিডিক হোৱাৰ বাবে ৰাতি খালে প্ৰায়ে বুকু জ্বলা পোৰা কৰে ৷
তৰমুজ
বহুতৰে প্ৰিয় ফল। গোটেই দিনটো হেপাহ পলুৱাই তৰমুজ খাব পাৰে। কিন্তু ৰাতি তৰমুজ নাখালে ভাল। তৰমুজত চেনিৰ পৰিমাণ অতি বেছি। ৰাতি তৰমুজ খালে তেজত শর্কৰাৰ মাত্ৰা বৃদ্ধি হোৱাৰ আশংকা থাকে। ডায়েবেটিছ হ’লে কেতিয়াও ৰাতি তৰমুজ খাব নালাগে।