দিল্লীৰ প্ৰসাৰ ভাৰতীৰ অধীনত ৰাষ্ট্ৰীয় সম্প্ৰচাৰ আৰু মাল্টি-মিডিয়া (এনএবিএম) একাডেমীত ফেকাল্টি হিচাপে ৪ বছৰ সম্পূৰ্ণ কৰিলে অসমৰ সুযোগ্য সন্তান ড০ দীপেন্দ্ৰ কুমাৰ মজুমদাৰে। গুৰুত্বপূৰ্ণ যে এই পদত কৰ্তব্যৰত তেওঁৱেই একমাত্ৰ অসমীয়া । যি সমগ্ৰ অসম বাসীৰ বাবেই এক গৌৰৱৰ খবৰ ৷
অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীলৈ এক কষ্টকৰ যাত্ৰাৰ অন্তত এনে এক আসন লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ সুযোগ্য সন্তান ড০ দীপেন্দ্ৰ কুমাৰ মজুমদাৰে ৷ প্ৰচাৰ বিমুখ এই ব্যক্তিগৰাকীয়ে নিজৰ কামৰ যোগেদি এখন সুকীয়া অসন দখল কৰিবলৈ সক্ষম হৈছে যদিও সেইবোৰ কেতিয়াও প্ৰচাৰ কৰিবলৈ বিচৰা নাই তেওঁ । সেয়েহে এই সুখবৰ সকলোকে জনাবলৈ সামাজিক মাধ্যম ফেচবুকত সকলোবোৰ লিখি প্ৰকাশ কৰে তেখেতৰ সুযোগ্যা পত্নী তথা লেখিকা কাবেৰী বৰা মজুমদাৰে ৷
ফেচবুকৰ তেওঁৰ প’ষ্টটোৰ যোগেদি কাবেৰীয়ে কয় যে আকাশবাণী গুৱাহাটীৰ পৰা আকাশবাণী তেজপুৰত কৰ্মৰত হৈ থাকোঁতেও তেওঁ কেবাটাও নতুন নতুন কাৰ্যসূচী অন্তৰ্ভূক্ত কৰি, কেন্দ্ৰটোক অনন্য মাত্ৰা প্ৰদান কৰিছিল ।আনহাতে মাত্ৰ পাঁচ বছৰ বয়সতেই পিতৃহাৰা হোৱা ড০ মজুমদাৰে একমাত্ৰ নিজৰ মনোবল আৰু পঢ়াৰ প্ৰতি থকা অদম্য হেঁপাহৰ বাবেই এম.চি.এ ডিগ্ৰী লাভ কৰে আৰু পৰৱৰ্তী সময়ত কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতাৰ ডিগ্ৰী লাভ কৰাৰ পিছত ভূপালৰ মাখনলাল চতুৰ্বেদী বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট (PhD) ডিগ্ৰীও লাভ কৰে ।
আজৰি সময়ত ভিন্ন স্বাদৰ, বিশেষকৈ জ্ঞানবৰ্ধক কিতাপ পঢ়ি ভাল পোৱা ড০ মজুমদাৰে নিজৰ দুই কন্যা সন্তানকো প্ৰকৃত শিক্ষা আৰু জ্ঞান লাভ কৰাতহে অধিক গুৰুত্ব দিবলৈ শিকাই আহিছে ।
নিজৰ কথা প্ৰচাৰ কৰিলে অতিশয় বেয়া পোৱা অসমৰ এইজন সুযোগ্য সন্তানৰ পত্নী কাবেৰী মজুমদাৰে কয় যে এই প্ৰচুৰ মেধাসম্পন্ন মানুহজনৰ বিষয়ে অলপ চমুকৈ হ’লেও লিখিবলৈ মন গ’ল তেওঁৰ। কাৰণ বিগত ২২ বছৰ পত্নী হিচাপে তেওঁৰ লগত থাকি, তেওঁৰ বিভিন্ন ক্ষেত্ৰত, বিভিন্ন প্ৰতিভাৰ পৰিচয় পাই আহিছে তেওঁ ।
তেওঁ লগতে উল্লেখ কৰে যে আকাশবাণী গুৱাহাটী কেন্দ্রক প্ৰতিনিধিত্ব কৰি দক্ষিণ কোৰিয়ালৈ যোৱাৰ লগতে এতিয়ালৈকে চাৰি বাৰ নেচনেল গে’মছৰ অনুষ্ঠানত নিজে উপস্থিত থাকি প্ৰচাৰ কৰাৰ উপৰিও অলপতে, মালায়াছিয়াৰ এখন আগশাৰীৰ জাৰ্নেলতো প্রকাশ পাইছে তেওঁৰ স্বামী ড০ মজুমদাৰে লিখা এটা প্রবন্ধ ।
আনহাতে তেওঁ পুনৰ কয় যে ড০ মজুমদাৰৰ বিষয়ে লিখিবলগীয়া বহু কথাই আছে যদিও এটা কথা নিলিখিলে তেখেতৰ বিষয়ে লেখাটো আধৰুৱা হৈ ৰ’ব ৷ কাৰণ খুব ধুনীয়া গীটাৰ বজোৱাৰ উপৰিও বৰ ধুনীয়া গানো গায় ড০ মজুমদাৰে । আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত, তেখেতে নিজে পৰিচালনা আৰু পৰিকল্পনা কৰা এসময়ৰ অতি জনপ্ৰিয় “দিহিঙে দিপাঙে” অনুষ্ঠানৰ শীৰ্ষ গীতটোৰ সুৰকাৰ আছিল ড৹ মজুমদাৰ ।
এগৰাকী সুখী পত্নী হিচাপে সেয়েহে সামাজিক মাধ্যমত এই কথা শ্বেয়াৰ কৰি ভগৱানৰ লগতে সকলোৰে আশীৰ্বাদ ও শুভকামনা বিচাৰিলে এগৰাকী সু লেখিকা,অনাতাঁৰ কেন্দ্ৰৰ ঘোষিকা আৰু সুযোগ্যা পত্নী কাবেৰী বৰা মজুমদাৰে ৷