VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰতিযোগিতা  বা প্ৰত্যাহ্বানবোৰ আমাৰ সৃষ্টিশীল দক্ষতা বিকাশৰ এক কাৰণ  

'গৰ্ভধাৰণ'ক বিষয় হিচাপে লৈ ১০ দিন ১০ গণেশৰ ছবি অংকণ কৰিলে মুম্বাইৰ ইনষ্টিটিউট অব্ কেমিকেল টেকন’লজিৰ সহ: অধ্যাপিকা ড০ স্তুতি  বৰগোঁহায়ে

voicedesk by voicedesk
September 22, 2022
in জীৱন
প্ৰতিযোগিতা  বা প্ৰত্যাহ্বানবোৰ আমাৰ সৃষ্টিশীল দক্ষতা বিকাশৰ এক কাৰণ  
0
SHARES
62
VIEWS
Share on FacebookShare on Twitter

অসমৰ এগৰাকী সুসন্তান ,চৰাইদেউ জিলাৰ সোণাৰিৰ গৌৰৱ ড০ স্তুতি  বৰগোঁহাই  ৷ মুম্বাইৰ মাটুংগাত অৱস্থিত ইনষ্টিটিউট অব্ কেমিকেল টেকন’লজিৰ সহ: অধ্যাপিকা, বৈবাহিক তথা কৰ্মসূত্ৰে বৰ্তমান মুম্বাইৰ বাসিন্দা ড০ স্তুতি বৰগোঁহাই প্ৰকৃতাৰ্থত বহুমুখী প্ৰতিভাৰ আঁকৰ ৷ সৰুৰে পৰাই সকলো দিশতে আগৰণুৱা ড০ স্তুতি ৷শিক্ষাৰ লগতে নিজে ভাল পোৱা কাম সমূহ কৰি যোৱা আৰু সেই যোগাত্মক চিন্তাৰে আনৰো কিবা এক  উপকাৰ কৰাই যেন তেওঁৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য ৷ তেওঁ এগৰাকী সুদক্ষ চিত্ৰ শিল্পী ৷ যি বহু ব্যস্ততা পূৰ্ণ জীৱনৰ মাজতো নিজৰ চিত্ৰ কৰ্মৰে সমাদৰ লাভ কৰিছে সকলোৰে মাজত ৷

শেহতীয়াকৈ সামাজিক মাধ্যমত তেওঁ অংকণ কৰা কিছু চিত্ৰ আপলোড কৰি তেওঁ আবেগিক কৰি তুলিছে তেওঁৰ বন্ধু বৰ্গৰ লগতে  অনুৰাগী সকলক ৷ শেহতীয়াকৈ ‘গৰ্ভধাৰণ’ক বিষয়বস্তু হিচাপে লৈ  ১০ দিনত  ১০জন  গণেশৰ ছবি অংকণ কৰিছিল ড০ স্তুতিয়ে ৷ফেচবুক প’ষ্টটোৰ যোগেদি  এই অনন্য অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি তেওঁ কয় যে গৰ্ভধাৰণৰ সময়ছোৱাত প্ৰায় প্ৰতিদিনে ছবি আঁকিছিল তেওঁ ৷ কাৰণ ই  তেওঁক অনুপ্ৰাণিত কৰিছিল ৷ যেতিয়া তেওঁ  পেইণ্টিং কৰিছিল তেতিয়া তেওঁ কেতিয়াও অসুস্থ অনুভৱ কৰা নাছিল। তেওঁ  অনুভৱ কৰিছিল যে গৰ্ভত থকা তেওঁৰ যমজ সন্তান দুটিয়েও যেন তেওঁৰ গৰ্ভত ইয়াক উপভোগ কৰি আছে।

তেওঁ  তেওঁৰ গৰ্ভধাৰণৰ সময়ছোৱাক কিছু  বেলেগ ধৰণে  উপভোগ কৰিছিল কাৰণ গৰ্ভধাৰণৰ যাত্ৰাত তেওঁ ভগৱান গণেশক সেই ৰূপত কল্পনা কৰিবলৈ অনুপ্ৰাণিত হৈছিল।সেয়েহে শেহতীয়াকৈ তেওঁ তেওঁৰ  কিছুমান চিত্ৰত ‘গৰ্ভধাৰণ’ক বিষয় হিচাপে ব্যৱহাৰ কৰি ১০ দিন ১০ জন গণেশৰ ছবি অংকণ কৰাৰ  প্ৰত্যাহ্বান সম্পূৰ্ণ কৰিছিল। লগতে তেওঁ এই কথাও উপলব্ধি কৰিছিল যে  এই প্ৰত্যাহ্বানটোৱে তেওঁক অধিক ৰূপ, অধিক আৰ্হি,  ৰঙৰ আঁচনি আৰু অংকণৰ  বিভিন্ন কৌশল আদি কল্পনা কৰাৰ সুযোগ দিছিল। এতিয়াও  তেওঁৰ  হাতত আছে  ভগৱান গণেশৰ আৰু ১০ টা ভিন্ন ৰূপ ।

তেওঁ বিশ্বাস কৰে  যে প্ৰতিযোগিতা  বা প্ৰত্যাহ্বানবোৰ আমাৰ সৃষ্টিশীল দক্ষতা বিকাশৰ এক কাৰণ  আৰু সেয়ে সদায়  প্ৰত্যাহ্বান ল’বলৈ ভাল পাই  বৰ্তমান মুম্বাইৰ বাসিন্দা অসমৰ  সুযোগ্য  সন্তান ড০ স্তুতি বৰগোঁহায়ে ৷

Previous Post

তাহানিৰ কুকুৰা যুঁজলৈ মনত পৰেনে ? সমনীয়াৰ লগত উপভোগ কৰা আনন্দৰ মূহুৰ্তবোৰ

Next Post

মৰণফান্দলৈ পৰিণত নগাঁৱৰ বেবেজীয়া-ঘাঁহী গড়কাপ্তানি পথ, কন্দুৱাইছে পথচাৰীক

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
মৰণফান্দলৈ পৰিণত নগাঁৱৰ বেবেজীয়া-ঘাঁহী গড়কাপ্তানি পথ, কন্দুৱাইছে পথচাৰীক

মৰণফান্দলৈ পৰিণত নগাঁৱৰ বেবেজীয়া-ঘাঁহী গড়কাপ্তানি পথ, কন্দুৱাইছে পথচাৰীক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7