চ’তৰ আৰম্ভণিতে গ্ৰীষ্মৰ উত্তাপে দিনত বাহিৰলৈ ওলাই যোৱাটো চিন্তনীয় কৰি তুলিছে। প্ৰচণ্ড গৰমৰ পৰা ওভতি আহিয়েই ফ্ৰীজৰ বটলৰ পৰা ডিঙিলৈকে অলপ ঠাণ্ডা পানী ঢালি দিলে শান্তি হয়। লগে লগে শৰীৰটো শাত পৰি যায় ৷ কিন্তু চিকিৎসকৰ মতে, ৰ’দৰ পৰা উভতি অহাৰ পিছত ফ্ৰীজৰ পৰা ঠাণ্ডা পানী খোৱাৰ অভ্যাস শৰীৰৰ বাবে উপকাৰী নহয়। যদিও সাময়িক শান্তি পোৱা যায়, পিছলৈ বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে।
মাইগ্ৰেইন
বেছিকৈ ঠাণ্ডা পানী খালে মাইগ্ৰেইনৰ সৃষ্টি হ’ব পাৰে। পূৰ্বতে মাইগ্ৰেইন থকা লোকে ৰ’দৰ পৰা ওলাই অহাৰ পিছত ঠাণ্ডা পানী খাব নালাগে।
পাচনতন্ত্ৰৰ বিকাৰ
ঠাণ্ডা পানীয়ে পাচনতন্ত্ৰৰ সমস্যা বৃদ্ধি কৰে। ইয়াৰ উপৰিও ঠাণ্ডা পানী বেছিকৈ খোৱাৰ বাবে পেটৰ বিষ আৰু ডায়েৰিয়াৰ সমস্যাও হ’ব পাৰে। ৰ’দৰ পৰা উভতি অহাৰ পিছত ঠাণ্ডা পানী খাব নালাগে। অলপ সময় অপেক্ষা কৰি তাৰ পিছত পানী খাব।
ডিঙি বিষ
ৰ’দৰ পৰা উভতি অহাৰ পিছত ঠাণ্ডা পানী খোৱাৰ অভ্যাসে থাইৰ’ক্সিন হৰম’নৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। ফলত থাইৰয়ডৰ আশংকা সম্পূৰ্ণৰূপে নুই কৰিব নোৱাৰি। ইয়াৰ লগতে টনচিলাইটিছৰ ফলত ডিঙিৰ বিষো হ’ব পাৰে।
ভাগৰুৱা হোৱা
অতিৰিক্ত ঠাণ্ডা পানী খালে প্ৰটিন, কাৰ্বহাইড্ৰেট, ফাইবাৰ আদি স্বাস্থ্যকৰ উপাদান হেৰুৱাব পাৰে। ফলত শৰীৰটো ভিতৰৰ পৰা দুৰ্বল হৈ পৰে। শৰীৰটো অধিক ভাগৰুৱা হৈ পৰে। গতিকে ৰ’দৰ পৰা উভতি অহাৰ পিছত ঠাণ্ডা পানী খোৱাৰ অভ্যাসটো একেবাৰেই স্বাস্থ্যকৰ নহয়।