প্ৰাচীন কালৰে পৰা তাম ধাতুক বিভিন্ন কামত ব্যৱহাৰ কৰি অহা হৈছে। আমাৰ পূৰ্বপুৰুষসকলৰ বেছিভাগেই হাতত তামৰ আঙুঠি পৰিধান কৰিছিল। তেঁওলোকে জানিছিল যে তামৰ লগত মিশ্ৰিত হৈ যিকোনো খাদ্য যেতিয়া শৰীৰত প্ৰৱেশ কৰিব ই শৰীৰক বিভিন্ন ধৰণেৰে সহায় কৰিব।
আজিৰ চিকিৎসা বিজ্ঞানেও তামৰ উপকাৰিতাৰ কথা কয়। আধুনিক জীৱনধাৰাত তামৰ ব্যৱহাৰ সীমিত হৈ আহিল। কেৱল যেন ধৰ্মীয় কাম-কাজতেই সীমাবদ্ধ হৈ পৰিল একালৰ আভিজাত্য আৰু ঐতিহ্যতাৰ প্ৰতীক তামৰ পাত্ৰবোৰ!
তাম এবিধ অতি উচ্ছ বিদ্যুৎ আৰু তাপ পৰিবাহীবিশিষ্ট কোমল ধাতু। অষ্টধাতুৰ অন্যতম তামৰ উপকাৰিতাৰ বিষয়ে ভালদৰে জানিলে আপুনিও হয়তো আচৰিত হ’ব। “তাম্ৰ জল”ৰ ইতিহাস ভাৰতত হাজাৰ বছৰ পুৰণি।
তামৰ উপকাৰিতা সম্পৰ্কে চিকিৎসকে কয়-
১) যদিহে আপুনি আৰ্থাৰাইটিচ ৰোগত আক্ৰান্ত তেন্তে তামৰ পাত্ৰত পানী খোৱা আপোনাৰ বাবে উপকাৰী। ই বিষ নিয়ন্ত্ৰণ আৰু নিৰাময় কৰে।
২) গৱেষণা মতে তামৰ পাত্ৰৰ পানী সেৱনে শৰীৰৰ ওজন কমোৱাতো সহায় কৰে।
৩) তাম ধাতুৰ ব্যৱহাৰে যৌৱন দীঘলীয়া কৰে।
৪) শৰীৰৰ ক্ষত আৰু ঘাঁ শুকোৱাত সহায় কৰে ।
৫) থাইৰয়েড গ্ৰন্থি নিয়মীয়া আৰু স্বাস্থ্যবান কৰে।
৬) কেন্সাৰ প্ৰতিৰোধ কৰে।
৭) মেলালিনৰ অধিক উৎপাদনত বাধা দি ছাল উজ্জ্বল আৰু বগা কৰে।
৮) ৰক্তহীনতা দূৰ কৰে।
৯) পেটৰ অসুখ ভাল কৰে আৰু পাচন তন্ত্ৰ সুনিয়ন্ত্ৰিত কৰে।
১০) হৃদপিণ্ড সবল আৰু স্বাভাৱিক স্বাস্থ্যৱান কৰে।
১১) মগজু সু নিয়ন্ত্ৰিত, সক্ৰিয় আৰু স্বাস্থ্যবান কৰে।
তামৰ পাত্ৰত পানী সেৱনৰ উপকাৰিতা একাধিক। কিন্তু চিকিৎসকসকলৰ মত অনুসৰি ই যিহেতু এবিধ ধাতু। গতিকে নিৰ্দিষ্ট জোখতকৈ অধিক সেৱন শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। শেহতীয়া ভাৱে বিশ্বৰ বিভিন্ন দেশে তামৰ গুণাগুণ সম্পৰ্কে গৱেষণা কৰি আছে।
ৱাশ্বিংটন ষ্টেট ডিপাৰ্টমেণ্ট অৱ হেল্থৰ মতে, যদিহে আপোনাৰ দেহে খাদ্যতে উপযুক্ত পৰিমাণৰ তাম পাইছে তেনেহ’লে কিমান পৰিমাণৰ পানী দেহক লাগে সেই কথা আপুনি বিবেচনা কৰি চাব লাগিব। অধিক সময়ৰ বাবে তামৰ পাত্ৰত থৈ খোৱা পানী কেতিয়াবা দেহৰ বাবে বিপদজনকো হ’ব পাৰে।
যদিহে আপুনি তামৰ পাত্ৰত থোৱা পানী সকলো সময়তে খাব বিচাৰে আৰু যদিহে আপোনাৰ কোনো ধৰণৰ ৰোগ আছে তেনেহ’লে চিকিৎসকৰ পৰামৰ্শ লৈ আগবঢ়াই ভাল হ’ব।