আমাৰ চাৰিওফালে ৩০ বছৰৰ আশেপাশে হাৰ্ট এটেকত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। কৰ্মক্ষেত্ৰত অত্যধিক মানসিক চাপ, মানসিক উত্তেজনা, লগতে ভোক লাগিলে ৰাস্তাৰ কাষত ফাষ্ট ফুড খোৱা, কামৰ সময়ত চিগাৰেট খোৱা আদিৰ দৰে অভ্যাসবোৰৰ লগত অভ্যস্ত হোৱাৰ বাবে ডায়েবেটিছ, থাইৰয়ড, মেদবহুলতা, উচ্চ ৰক্তচাপ, কলেষ্টেৰল-ট্ৰাইগ্লিচাৰাইড আদি ৰোগৰ প্ৰাদুর্ভাৱ বৃদ্ধি পাইছে ৷ এই সকলোবোৰ কাৰণৰ ফলত হৃদযন্ত্ৰৰ চাৰিওফালে চৰ্বি জমা হয়। চৰ্বিযুক্ত হৃদযন্ত্ৰৰ দৰে ৰোগে শৰীৰত বাহ লয় ৷
ফেটি হাৰ্ট(চর্বিযুক্ত হৃদযন্ত্ৰ) ৰোগ আচলতে কি?
যদিও আমি ফেটি লিভাৰৰ বিষয়ে কম বেছি পৰিমাণে সচেতন, তথাপিও ফেটি হাৰ্টৰ বিষয়টো বহুতেই অজ্ঞাত। হৃদযন্ত্ৰৰ চাৰিওফালে চৰ্বিৰ তৰপ জমা হ’বলৈ আৰম্ভ কৰে। যদি এই আৱৰণ বেছি ডাঠ হৈ পৰে তেন্তে শৰীৰৰ ভিতৰত প্ৰদাহ হ’ব পাৰে। আৰু তাৰ বাবেই বিভিন্ন ধৰণৰ শাৰীৰিক অস্বস্তি জড়িত হৈ পৰে। যদি আপোনাৰ চৰ্বিযুক্ত হৃদযন্ত্ৰৰ সমস্যা থাকে তেন্তে ষ্ট্ৰোক আৰু হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ ফলত আন আন হৃদৰোগও হ’ব পাৰে।
এই ৰোগৰ আশংকাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?
খাদ্য আৰু ব্যায়ামৰ প্ৰতি বিশেষ গুৰুত্ব দিলে এই ৰোগৰ আশংকা বহু পৰিমাণে হ্ৰাস কৰিব পাৰি। ব্যায়ামৰ ক্ষেত্ৰত আপুনি নিয়মিতভাৱে কিমান কেলৰি জ্বলাই আছে তাৰ হিচাপ ৰাখক। এই ৰোগ মূলতঃ জীৱনশৈলীৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপুনি একেবাৰে ব্যায়াম নকৰে তেন্তে ফেটি হাৰ্ট হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ পিছত খাদ্যৰ কথা ভাবিব লাগিব। ব্যায়াম কৰি জ্বলোৱা কেলৰিতকৈ আপুনি কি বেছি খাইছে? আপুনি নিয়মিতভাৱে প্ৰয়োজনতকৈ বেছি খাদ্য খাই আছেনেকি? যদিহে খাইছে তেতিয়া হৃদযন্ত্ৰৰ চাৰিওফালে চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে ।
ফেটি হাৰ্টৰ সমস্যা কেনেকৈ বুজিব?
চৰ্বিযুক্ত হৃদযন্ত্ৰৰ সমস্যাৰ কোনো লক্ষণ দেখা নাযায়। কিন্তু চৰ্বিযুক্ত হৃদযন্ত্ৰই হৃদযন্ত্ৰৰ আন আন সমস্যা বৃদ্ধি কৰিব পাৰে। কিন্তু যদি কোনো ফেটি হৃদযন্ত্ৰৰ সমস্যা থাকে তেন্তে চিটি স্কেনত ধৰা পৰে। কিন্তু সাধাৰণতে চিটি স্কেন কৰি চৰ্বিযুক্ত হৃদযন্ত্ৰ পৰীক্ষা কৰা নহয়। অন্য সমস্যা থাকিলে চিকিৎসকে চিটি স্কেন কৰিবলৈ কয়। তেতিয়া চৰ্বিযুক্ত হৃদযন্ত্ৰৰ সমস্যা ধৰা পেলাব পাৰি।