গৰমৰ অৰ্থ কেৱল ঘাম নহয়। প্ৰচণ্ড গৰমৰ পৰা আহি ঠাণ্ডা পানী খোৱাৰ অভ্যাস আছে ৷গ্ৰীষ্মকালত আইচক্ৰীম খোৱাৰ প্ৰৱণতাও বাঢ়ি যায়। কিন্তু বহুতৰে আইচক্ৰীম খালে দাঁতৰ সিৰসিৰনি হয় ৷সেই ভয়ৰ বাবেই বহুতে এই প্ৰিয় খাদ্য খাবলৈ মন নকৰে ৷ সাধাৰণতে এই ধৰণৰ সমস্যাৰ সৃষ্টি হয় যেতিয়া দাঁতৰ ইনামেল ক্ষয় যায়, যাৰ ফলত দাঁতৰ ভিতৰৰ স্নায়ুবোৰ উন্মুক্ত হয়। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ‘দাঁতৰ সংবেদনশীলতা’ বুলি কোৱা হয়। ইয়াৰ পৰা মুক্তি পাবলৈ কিছুমান কৌশলৰ ওপৰত নিৰ্ভৰ কৰিব পাৰি।
এই দাঁতৰ সমস্যাৰ চিকিৎসাৰ বাবে এটা বিশেষ ধৰণৰ টুথপেষ্ট উপলব্ধ, যাক ডিচেন্সিটাইজিং টুথপেষ্ট বুলি কোৱা হয়। এই ধৰণৰ পেষ্টত কিছুমান বিশেষ উপাদান থাকে, যিয়ে উন্মুক্ত স্নায়ুৰ শেষ অংশ ঢাকি ৰখাত সহায় কৰে। ইয়াৰ বাবে পটাছিয়াম নাইট্ৰেট নামৰ যৌগ এটা অতি উপযোগী। লগতে কোমল টুথব্ৰাছে এই সমস্যাৰ পৰা কিছু সকাহ দিব পাৰে।
নিমখ পানী:
নিমখে প্ৰদাহ কমোৱাত সহায় কৰে। বেক্টেৰিয়া জমা নহয়। দৈনিক অন্ততঃ দুবাৰকৈ কুহুমীয়া নিমখীয়া পানীৰে গাৰ্গলিং বা গাৰ্গল কৰিলে সকাহ পোৱা যায়। এগিলাচ কুহুমীয়া পানীত আধা চামুচ নিমখ মিহলাই সেই পানী কমেও ৩০ ছেকেণ্ডৰ বাবে মুখত ৰাখক।
হালধি:
এক চামুচ হালধি, আধা চামুচ সৰিয়হৰ তেল আৰু আধা চামুচ নিমখ একেলগে মিহলাই দাঁতত লগালে দাঁতৰ বিষৰ সমস্যা কমিব পাৰে। হলুদত কাৰকুমিন নামৰ এটা উপাদান থাকে। এই উপাদান বীজাণুনাশক আৰু প্ৰদাহ নিবাৰণকাৰী হিচাপে অতি ফলপ্ৰসূ। প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰতো ইয়াৰ ব্যৱহাৰ উল্লেখ আছে ৷