প্ৰতি ঘৰ পৰিয়ালৰ ভাতসাজৰ লগত দাইল সচৰাচৰ অন্তভূর্ক্ত হৈ থাকে ৷ শৰীৰক পৰ্যাপ্ত পুষ্টি প্ৰদান কৰে মচুৰ দাইলে । সহজে হজম হয় আৰু ৰান্ধিবলৈয়ো সহজ ৷ আন দাইলতকৈ মচুৰ দাইলত প্ৰটিনৰ পৰিমাণ বেছি। ইয়াৰ বাহিৰেও দাইল হৈছে নিৰামিষ প্ৰটিন। এটা নিৰ্দিষ্ট বয়সৰ পিছত অধিক পৰিমাণে আমিষ প্ৰ’টিন খালে বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে বহুতে এই নিৰামিষ প্ৰটিনৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰে। অৱশ্যে পুষ্টিবিদসকলে কয় যে একাপ সিজোৱা মচুৰ দাইলত ১৮০ কেলৰি থাকে। ইয়াত প্ৰায় ১০ গ্ৰাম প্ৰটিন আৰু ৬ গ্ৰাম আঁহ থাকে। আনকি আন খাদ্যৰ সৈতে দুটাইবাটি দাইল খালেও প্ৰটিনৰ অভাৱ পূৰণ কৰিব পাৰি। কিন্তু মচুৰ দাইল বেছিকৈ খোৱাটো নিৰাপদ বুলি ভাবিলেও ই বিপদজনক।
মচুৰ দাইল বেছিকৈ খালে কেনেধৰণৰ সমস্যা হ’ব পাৰে?
১) ইউৰিক এচিড:
ইউৰিক এচিডৰ সমস্যাত ভুগি থকা লোকসকলে এই দাইল দৈনিক খাব নালাগে। প্ৰটিনৰ লগতে মচুৰ দাইলত পিউৰিন নামৰ এবিধ পদাৰ্থ থাকে। এই পদাৰ্থই তেজত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি কৰে। গাঁঠিৰ বিষ বৃদ্ধি কৰিব পাৰে মচুৰ দাইলে ৷
২) বৃক্কৰ সমস্যাঃ
বৃক্কৰ সমস্যা থকাসকলকো মচুৰ দাইল খাবলৈ মানা কৰে পুষ্টিবিদসকলে। বেছিকৈ মচুৰ দাইল খালে অক্সালেটৰ পৰিমাণ বৃদ্ধি পায়। বৃক্কৰ পাথৰ হোৱাৰ অক্সালেট প্ৰধান উপাদান।
৩) এলাৰ্জীঃ
বহু লোকৰ দাইল খালে এলাৰ্জী হয়। তেনে সম্ভাৱনা থাকিলে দাইল নাখোৱাই ভাল। কিছুমানে খজুৱতিও অনুভৱ কৰে। আনকি এলাৰ্জিৰ সমস্যাই চৰম মাত্ৰাত উপনীত হ’লে শ্বাস-প্ৰশ্বাসজনিত সমস্যাও হ’ব পাৰে।