গছ-গছনি আমাৰ সকলোৰে জীৱনৰ লগত জৰিত হৈ থাকে। ঘৰৰ চৌপাশে বা টাবত আমি বিভিন্ন ধৰণৰ গছ-গছনি বা ফুল আদি ৰোপন কৰোঁ। ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰিবৰ বাবে আৰু অৰ্থনৈতিক সমস্যা দূৰ কৰিবৰ বাবে ঘৰত বা বেলকনিত বহুতে মানিপ্লাণ্ট ৰোপন কৰা দেখা যায়। বাস্তুশাস্ত্ৰৰ মতে , ঘৰত আমি এনে এবিধ গছ নিৰ্দিষ্ট নিয়ম অনুসৰি ৰোপন কৰিলে আমাৰ ভাগ্যৰ দুৱাৰ মুকলি হ’ব।
Crassula Ovata যাক জেড ট্ৰি , ফ্ৰেণ্ডশিপ ট্ৰি বা মানি ট্ৰি নামেৰেও জনা যায়। এই গছ বিধ ঘৰৰ সোমোৱা পথত সোঁফালে লগালে ঘৰৰ ওপৰত ইতিবাচক সঁহাৰি পোৱাৰ উপৰিও অৰ্থনৈতিক সমস্যাও নোহোৱা হয়।
এই গছ বিধত বৰ বেছি সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’য় আৰু বেছি ঠাইৰো প্ৰয়োজন নাই। এই গছ বিধত সপ্তাহত দুই বা তিনিবাৰ পানী দিলেই যথেষ্ট। এই গছবিধ দেখিবলৈ যেনে সুন্দৰ তেনেকৈ ঘৰত থাকিলে ঘৰৰ সৌন্দৰ্যও বৃদ্ধি কৰে। বাস্তুশাস্ত্ৰ অনুসৰি এই গছবিধ যিখন ঘৰত থাকে সেই ঘৰ খনত ধন-সম্পত্তি বৃদ্ধি হয় আৰু কোনো আৰ্থিক সমস্যা নাথাকে।