বিশ্বজুৰি ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজা যুঁজখনত চিকিৎসক তথা চিকিৎসা কৰ্মীসকলৰ ত্যাগ আৰু সেৱাক মানৱ জাতিয়ে চিৰকাল স্মৰণ কৰিব। হঠাতে মুখামুখী হোৱা এই সংহাৰত চিকিৎসকসকলৰ সহায় অবিহনে আধা জনসংখ্যা যে নিপাত গ’লহেঁতেন সেয়া নিশ্চিত।
ক’ভিডে বিপৰ্যস্ত কৰা সময়ছোৱাত অন্য ৰোগীসকলে কমকৈ গুৰুত্ব পাইছে নেকি, এই সম্পৰ্কীয় কিছু প্ৰসংগ মাজে-সময়ে উত্থাপন হৈছিল। এই প্ৰসংগক সত্য প্ৰমাণিত কৰি গ্ল’বেল ফাণ্ডে এক উদ্বেগজনক তথ্য দাখিল কৰিছে।
গ্ল’বেল ফাণ্ডে এইচ আই ভি, যক্ষ্মা আৰু মেলেৰিয়াৰ বিৰুদ্ধে যুঁজ দি এক স্বাস্থ্যকৰ আৰু সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ স্বাৰ্থত বছৰি ৪ বিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰে।
ফাণ্ডৰ প্ৰতিবেদন অনুযায়ী যোৱাটো বৰ্ষত এইচ আই ভি পৰীক্ষা আৰু প্ৰতিৰোধ সেৱা অভাৱনীয় হাৰত হ্ৰাস পাইছে। ২০১৯ বৰ্ষৰ তুলনাত ২০২০ বৰ্ষত প্ৰতিৰোধ আৰু চিকিৎসাৰ হাৰ ১১ শতাংশ হ্ৰাস পাইছে। আনহাতে এইচ আই ভি পৰীক্ষা হ্ৰাস পাইছে ২২ শতাংশ।
আনকি গ্ল’বেল ফাণ্ডে বিনিয়োগ কৰা বহু দেশত ড্ৰাগ ৰেজিলিয়েণ্ট টি বিৰ চিকিৎসা ১৯ শতাংশ হ্ৰাস পাইছে। ২০২০ চনত ৪.৭ নিযুত লোকে যক্ষ্মাৰ চিকিৎসা কৰোৱাইছিল, এই সংখ্যা ২০১৯ ৰ তুলনাত এক নিযুত কম।
ক’ভিডকালীন পৰিস্থিতিত চিকিৎসাৰ ক্ষেত্ৰত মানুহৰ সহযোগিতাও বহু পৰিমাণে হ্ৰাস পাইছে। গ্ল’বেল ফাণ্ডৰ কাৰ্যবাহী সঞ্চালক পিটাৰ ছেণ্ডছে উল্লেখ কৰা অনুসৰি বিগত বৰ্ষত ক’ভিডৰ বাবে কাম-কাজত অত্যন্ত ব্যাঘাত জন্মিছে।
উল্লেখ্য যে কিছুদিন পূৰ্বে এক তথ্য অনুসৰি উজনি অসমত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছিল। ১৩ টা শিশুৰ দেহত এই মাৰাত্মক এইচ আই ভি পজিটিভ ধৰা পৰাৰ লগতে ১৮ গৰাকী লোকৰ মৃত্যু হোৱা খবৰে ৰাজ্যবাসীক আতংকিত কৰি তুলিছিল।