২৬ বছৰীয়া তৰালীয়ে (নাম সলনি কৰা হৈছে) গুৱাহাটীৰ এখন আগশাৰীৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ঘৰলৈ উভতি নগ’ল। দেউতাক নথকা ঘৰখনত বোজা হোৱাৰ পৰিৱৰ্তে এটা ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰি কৰি স্বাৱলম্বী হৈ উঠিল। প্ৰতিভাসম্পন্ন তৰালী সোনকালেই কৰ্ম ক্ষেত্ৰত প্ৰতিষ্ঠিত হ’ল আৰু ঘৰখনকো সকাহ দিব পৰা হ’ল।
কিন্তু ক’ভিডৰ ভয়াবহ সময়বোৰে আন বহুতৰ দৰে তৰালীৰ জীৱনলৈও অনিশ্চয়তা কঢ়িয়াই আনে। ক’ভিডৰ প্ৰথমটো ঢৌতে মালিক পক্ষই প্ৰতিষ্ঠান বন্ধ কৰি দিবলৈ বাধ্য হ’ল। তেওঁলোকে এমাহৰ আগধন দি অনিৰ্দিষ্ট কাললৈ সকলো কৰ্মচাৰীকে অব্যাহতি দিয়ে।
“বন্ধৰ প্ৰথম চাৰি মাহমান জমা টকাৰে চলিলো। দেউতা নাই, গাঁৱৰ ঘৰলৈও টকা পঠিয়াও। মা আৰু ভনী দুজনীক কিবাকিবি দিও। গাঁৱৰ ঘৰত সিঁহত খাই-বৈ চলি আছিল। কিন্তু লাহে লাহে ইয়াত মোৰ অসুবিধা হ’বলৈ ধৰিলে। ক’ভিডৰ বাবে কাম বন্ধ হৈ গ’ল। দুদিনমান দুৱাৰ-ঘৰ মাৰি সোমাই থাকিলো। উভতি যোৱাৰ প্ৰশ্নই নাহে! এদিন কান্দি-কাটি বা এজনীলৈ ফোন কৰিলো। তাই ক’লে, অলপ বেলেগ কাম এটা আছে, কৰিবি নেকি?”
দুদিনমান চিন্তা কৰি তৰালীয়ে সিদ্ধান্ত ল’লে, কৰিব। কাম কামেই। আত্মসন্মানেৰে কাম কৰি খাব লাগিব। ভিক্ষা খুজি দয়াৰ পাত্ৰী হ’ব নোৱাৰি। “সিদ্ধান্ত ল’লো কাম কৰি খাম বুলি ঘৰৰ পৰা ওলাই আহিলো যেতিয়া কাম কৰিয়েই খাম। আগতে ভাল ভাল বুলি গুণ গোৱা মানুহেই হয়তো এতিয়া মোলৈ আঙুলি টোৱাব। কিন্তু সেই কথাবোৰেৰে পেট নভৰে। ঘৰৰ প্ৰাণীকেইটাক ভোকত মৰিবলৈ দিব নোৱাৰো। অচিনাকী মানুহ এজনৰ সৈতে ঘনিষ্ঠ হ’বলৈ প্ৰথমে বহুত বেছি অসুবিধা লাগিছিল। কিন্তু কাম বুলি ভাবিলে সকলো সহজ। আৰু পইচা কেইটাৰে যেতিয়া প্ৰয়োজনবোৰ পূৰণ হয়, তেতিয়া আগদিনা কি কৰিছিলো মনত ৰাখিবলৈ মন নাযায়। কাম কৰি পইছা ঘটিছো। আগতে কৰা কামটোত মগজ আৰু শাৰিৰীক শ্ৰম দুয়োটাই লাগিছিল। এতিয়া শৰীৰ হ’লেই হয়,” শেষৰ কথা কেইটা কওতে সামান্য আৱেগিক হ’ল তৰালী।
বিগত সময়ছোৱাত জীৱনে বহু কথাই শিকালে তৰালীক। পেটৰ ভাতমুঠি আৰু ৰ’দ-বৰষুণৰ পৰা ৰক্ষা পাবলৈ এটা ঘৰ, আৰু কিছু এৰাব নোৱাৰা প্ৰয়োজন, এইবোৰ ইমান সহজে পোৱা বস্তু নহয়!
এতিয়া তৰালী পৰিচিত এগৰাকী কলগাৰ্ল হিচাপে। সুন্দৰী তৰালীক যি কোনো ব্যক্তিয়েই শকত পৰিমাণৰ ধনৰ বিনিময়ত এৰাতিৰ বাবে শয্যাসংগী হিচাপে পাব পাৰে। অৱশ্যে নিজৰ নামৰ লগতে কাম কৰা সংস্থাৰ নামো আমাৰ পৰা গোপনে ৰাখে তৰালীয়ে।
এইয়া কেৱল তৰালীৰ কাহিনীয়েই নহয়। তৰালীৰ দৰে বহু যুৱতী সম্প্ৰতি নামি পৰিছে এই পেছাত। এই প্ৰতিবেদকৰ অনুসন্ধানত পোহৰলৈ আহিছে ধাৰাবাহিকৰ অভিনেত্ৰীৰ পৰা, ফেশ্বন জগতৰ লগত জড়িত যুৱতী, অধিবক্তালৈকে বিভিন্ন বৃত্তিত জড়িত যুৱতী সম্প্ৰতি এছকৰ্ট চাৰ্ভিছৰ সৈতে চামিল হ’বলৈ বাধ্য হৈছে।
“অকল মই নহয় মোৰ দৰে বহু ছোৱালী পাব। ল’ৰাও আছে। আমি চখত এইবোৰ নকৰো। ভোকাতুৰ পেটত যেতিয়া টোপনি নহা হয় তেতিয়া লাজ-সন্মান এইবোৰ গৌণ হৈ পৰে।” তৰালীৰ এই স্বীকাৰোক্তিয়ে নগ্ন বাস্তৱ প্ৰতিফলিত কৰিছে। “ভোকাতুৰ পেটত শিক্ষা, সন্মান, মৰ্যদা সকলো গৌণ হৈ পৰে,” তৰালীয়ে কয়।
ক’ভিডৰ পৰৱৰ্তী পৃথিৱীখন পূৰ্বৰ পৃথিৱীখনতকৈ সম্পূৰ্ণ পৃথক। অভাৱ-অনাটন-দৰিদ্ৰতা আগতেও আছিল, কিন্তু শ্ৰমজীৱি মানুহে শ্ৰমৰ বিনিময়ত অসমৰ দৰে ৰাজ্যত অন্ততঃ এসাজ খাবলৈ পাইছিল।
সকলোৱে এই পৰিৱৰ্তনৰ কথা দোহাৰিছে। পৰিৱৰ্তনৰ হেঁচাত সংগঠিত আৰু অসংগঠিত শ্ৰমিকসকলৰ জীৱন তচনচ হৈ পৰিল। চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰসকলৰ বাবে বিভিন্ন আঁচনিৰ সৃষ্টি কৰিছে। কিন্তু এই ঢৌত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে শিল্পী, কলা-কুশলী, পাৰ্লাৰ, হোটেল-ৰেষ্টোৰাঁ, ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান, ক্ষুদ্ৰ ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকল। যি শ্ৰমিক নহ’লেও শ্ৰমদান কৰি দৈনিক হাৰত অৰ্থ উপাৰ্জন কৰিছিল।
Guwahati Escort, Call Girls In Guwahati নামৰ টুইটাৰ হেন্দেলত মুকলিভাবে এছকৰ্ট চাৰ্ভিছ আগবঢ়োৱা ৱেবছাইটৰ নাম প্ৰকাশ কৰা হৈছে। Alisha Roy, Hotladkiya, www.dialescorts.com, Nitya Joshi, Diyaroy.com কে ধৰি কেইবাটাও ৱেবছাইটৰ নাম টুইটাৰত প্ৰকাশ কৰা হৈছে।
স্বয়ং প্ৰশাসনেই বিবুধিত পৰা এই ৱেবচাইটোবোৰত কি আছে জানিবলৈ ইচ্ছুকসকলৰ ভিৰে নেট চাৰ্ফিঙৰ হাৰ উৰ্ধগামী কৰি তুলিছে।
“আপুনি যদি অকলশৰীয়া আৰু ধনৱান, যদিহে আপুনি হতাশগ্ৰস্ত, যদিহে আপোনাৰ কোনো প্ৰেমিকা নাই, যদিহে আপোনাৰ মনত সুপ্ত হৈ থকা গোপন আশাবোৰ পূৰণ কৰি বিচাৰে, অথবা যদিহে প্ৰকৃত সুখ ল’ব বিচাৰে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক। আমাৰ হাতত সুন্দৰী নাৰীৰ এখন তালিকা আছে। অসমৰ এই সৰ্বশ্ৰেষ্ঠ সুন্দৰীসকল অতি মুকলি মনৰ আৰু কোনো দ্বিধা নোহোৱাকৈ তেওঁলোকে আপোনাৰ সৈতে অন্তৰংগতা গঢ়ি তুলিব,” এনে ধৰণৰ কথাৰেই আপোনাক আদৰণি জনাব সামাজিক মাধ্যমৰ সেই বিশেষ পৃষ্ঠাবোৰে।
সেইখন এখন অন্য পৃথিৱী। গুৱাহাটীৰ “গল্ড” (গ্লবেল অৰ্গেনাইজেছন ফৰ লাইফ ডেভেলপমেণ্ট) নামৰ সংস্থাটোৰ মুখপাত্ৰ ড° ৰাজীৱ কুমাৰ শৰ্মাই কয়।
” কভিডৰ সময়ত চাৰিওফালে ভয়ানক অৰ্থনৈতিক স্থবিৰতা দেখা গৈছে। মানুহে চাকৰি হেৰুৱাইছে। উপাৰ্জন হ্ৰাস পাইছে। এই সকলো কথা মিলি এক ধৰণৰ স্পৰ্শকাতৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বাহিৰৰ পৰা বহু ল’ৰা-ছোৱালীয়ে চাকৰি হেৰুৱাই নিজৰ ঠাইলৈ ঘূৰি আহিছে। ভয়ানক কথাটো হৈছে এই দুৰৱস্থাবোৰৰ সুযোগ লৈছে এচাম দালালে। তেওঁলোকৰ বাবে এয়া সুবৰ্ণ সুযোগ হৈ পৰিছে। বানপানী হৈছে, বহু দূৰৰ পৰা অহা বা পাহাৰীয়া অঞ্চলৰ মানুহখিনিৰ উপাৰ্জনৰ পথ নাই। দুৰ্ভাগ্য যে চৰকাৰৰ যিকোনো আঁচনি বা পুনৰ সংস্থাপনৰ নীতিয়ে তেওঁলোকক স্পৰ্শ নকৰে। এই সময়ত দালালবোৰ আগবাঢ়ি গৈ তেওঁলোকক লগ ধৰিছে। আৰু ভোকাতুৰ পেটত, ৰুগীয়া শৰীৰত কোনো নৈতিকতাবোধে কাম নকৰে। আমি নিজেই কাম কৰি দেখিছো বেশ্যাবৃত্তি কেতিয়াও পচণ্ডৰ জীৱিকা নহয়। স্বইচ্ছাই কোনেও এয়া কৰিব নিবিচাৰে। আপুনি বা মই অথবা সমাজ ব্যৱস্থাই তেওঁলোকক সেই অৱস্থালৈ থেলি দিয়ে,” শৰ্মাই কয়।
লগতে শৰ্মাই কয়, ” এতিয়াৰ সময়ৰ বাবেই এনে ধৰণৰ দেহ ব্যৱসায়ৰ কথাবোৰ বাঢ়িছে। অধিক বঢ়াৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। এইবোৰ বিভিন্ন ধৰণেৰে যেনে অপহৰণ, সামাজিক মাধ্যম, এছকৰ্ট চাৰ্ভিছ আদিৰ জৰিয়তে প্ৰসাৰ হ’ব পাৰে। ৱেবছাইট, এছকৰ্ট চাৰ্ভিছ, পৰ্ণগ্ৰাফী সকলো বৃদ্ধি পাইছে।”
উল্লেখযোগ্য যে “গল্ড” নামৰ এই সংস্থাটোয়ে বহু বছৰ ধৰি দুৰ্ভগীয়া অথবা সামাজিকভাৱে প্ৰত্যাহ্বানপ্ৰাপ্ত মহিলাসকলৰ বাবে কাম কৰি আছে।
অসমৰ দৰে ৰাজ্য এখনত মুকলিভাৱে দেহ ব্যৱসায়ৰ বিজ্ঞাপনে সাধাৰণ মানুহৰ লগতে প্ৰশাসনকো হতবাক কৰি তুলিছে। প্ৰাপ্ত তথ্য অনুসৰি আৰক্ষীয়ে এই সম্পৰ্কে অনুসন্ধান কৰি আছে। অসম আৰক্ষীৰ বিশেষ সঞ্চালক জি পি সিঙে মহানগৰ আৰক্ষীক এই বিষয়ে তদন্ত কৰিবলৈ নিৰ্দেশ দিছে।
এই কামৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তি দালাল চক্ৰৰ প্ৰৰোচনাত পৰিছে বুলি ক’ব নোৱাৰি কাৰণ তৰালী বা তেওঁৰ দৰে উচ্চশিক্ষিতা যুৱতীৰ ভাষ্যই অন্য কিছু বাস্তৱৰ সৈতেহে সকলোকে পৰিচিত কৰোৱায়।
তৰালীয়ে নিজৰ লগতে সংস্থাৰ নামো গোপনে ৰাখিছে। আমি হয়তো বিচাৰিলে অন্য হাজাৰ জনী তৰালীৰ সন্ধান পাম। কিন্তু নিজে কাম কৰা সংস্থাৰ প্ৰতি তৰালীৰ যি আনুগত্যতা সি সমাজ ব্যৱস্থাটোৰ প্ৰতি এক বৃহৎ ভেঙুচালি। প্ৰশ্ন হয় বাধ্য হৈ অথবা পৰিস্থিতিত পৰি দেহ ব্যৱসায়ৰ লগত জড়িত তৰালীৰ দৰে ছোৱালীবোৰৰ বাবে ক’ভিডৰ পৰৱৰ্তী পৃথিৱীখনে স্বাভাৱিক সময় ঘূৰাই আনিব নে ?