এতিয়া আমৰ বতৰ ৷ বিভিন্ন প্ৰকাৰৰ আম বজাৰত উপলব্ধ ৷ সকলোৰে প্ৰিয় এই ফলবিধ বজাৰৰ পৰা সাধাৰণতে বেছিকৈ কিনে বহুলোকে ৷ ভালদৰে ধুই ফ্ৰীজত ৰখাৰ পিছত কেইদিনমানৰ ভিতৰত আমবোৰ কোমল হৈ যায় । আমৰ বাকলিত ঠায়ে ঠায়ে ক’লা দাগ পৰে ৷ ফ্ৰীজত ৰখাৰ পিছতো যদি এনেকুৱা হয়, তেন্তে সেই ক্ষেত্ৰত কি কৰা উচিত?
পকা আম ফ্ৰীজত ৰাখি ঠাণ্ডা হ’লে খাই ভাল লাগে । কিন্তু পুষ্টিবিদসকলে কয়, পকা আম ফ্ৰীজত বেছি সময় নাৰাখিলে ভাল। ই ফলৰ পুষ্টিকৰ মূল্য হ্ৰাস কৰে। আমৰ সোৱাদও নষ্ট হৈ যায়। পকা আম ফ্ৰীজত ৰাখিলে সোনকালে নষ্ট হ’ব পাৰে।
ফ্ৰীজত নথলে পকা আম ক’ত ৰাখিব?
১) পকা আম ফ্ৰীজত ৰাখি ঠাণ্ডা হ’লে খাই ভাল পায় নেকি ? তেনেহ’লেও আমখিনি খোৱাৰ আগতে আধা ঘণ্টা পূর্বে ফ্ৰীজৰ পৰা উলিয়াই ৰাখিব লাগে ৷
২)আম সম্পূৰ্ণ পকা নহলে কেতিয়াও ফ্ৰীজত ৰাখিব নালাগে ৷ আধা পকা আম ফ্ৰীজত ৰাখিলে ভালকৈ নপকে ৷ ইয়াৰ সোৱাদও নষ্ট হয় ৷
৩) আম কোঠাৰ মজিয়াৰ এটা কোণত বা বিচনাৰ তলত ৰাখিব পাৰে। বহুতে মোনাৰ ভিতৰত আধা পকা আম ৰাখে। এনেকৈ ৰাখিলেও আম ভালে থাকে আৰু আৰু প্ৰাকৃতিকভাৱে পকে।
৪)সাৱধান হ’ব লাগে যাতে আমৰ ওপৰত ৰ’দ নপৰে। ৰ’দ পৰিলে পকা আম বেছি দিনলৈ ভালে নাথাকে ৷ বৰঞ্চ ইয়াক পুৰণি বাতৰি কাকতেৰে মেৰিয়াই থব পাৰে ৷ ফলৰ সোৱাদ অক্ষত থাকিব।