ব্যস্ত দিনৰ শেষত ঘৰলৈ আহি সকলোৱে ভাগৰ অনুভৱ কৰে ৷ ইয়াৰ লগে লগে ধূলি, বালি, মলি, আনকি বিভিন্ন ভাইৰাছও ঘৰলৈ আহে। গতিকে ঘৰলৈ উভতি অহাৰ পিছত গা ধুব লাগে । ভাগৰ কমোৱাৰ উপৰিও গৰম পানীত গা ধুলে সংক্ৰমণৰ আশংকা বহু পৰিমাণে হ্ৰাস পায়। দেশ-বিদেশৰ বহু অধ্যয়নত দেখা গৈছে যে গৰম পানীয়েও বিভিন্ন শাৰীৰিক কাম-কাজ সঠিকভাৱে পৰিচালনা কৰাত সহায় কৰে। গতিকে শৰীৰ আৰু মনক শান্ত কৰি ৰাখিবলৈ চিকিৎসকে সকলো ঋতুতে কুহুমীয়া গৰম পানীৰে গা ধোৱাৰ পৰামৰ্শ দিয়ে।
কুহুমীয়া পানীত গা ধুলে কি কি লাভ হয়?
!) মানসিক অৱসাদ দূৰ কৰাৰ এটা উপায় হৈছে কুহুমীয়া গৰম পানী সেৱন কৰা ৷ দিনটোৰ ভিতৰত ভাগৰ কমোৱাৰ উপৰিও গৰম পানীয়ে ষ্ট্ৰেছ হৰম’ন বা কৰ্টিছলৰ মাত্ৰা হ্ৰাস কৰিব পাৰে। ইয়াৰ উপৰিও ই হেপি হৰম’ন বা এণ্ড’ৰ্ফিনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে।
২) শৰীৰৰ স্নায়ুতন্ত্ৰ স্বাভাৱিক কৰি ৰাখিবলৈ কুহুমীয়া গৰম পানীত গা ধোৱাই ভাল। কুহুমীয়া গৰম পানীয়ে শৰীৰৰ নিজৰ ছন্দ বা চাৰ্কেডিয়ান ঘড়ী সক্ৰিয় কৰি ৰখাতো সহায় কৰে।
৩)কুহুমীয়া গৰম পানীত গা ধুই বাতবিষৰ সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰি। গৰম পানীয়ে ‘বিষ ব্যৱস্থাপনা সঁজুলি’ হিচাপে অতি উত্তম কাম কৰে।
৪) কামৰ পিছত গৰম পানীত গা ধুব পাৰে টোপনিৰ ঔষধ নোখোৱাকৈ অনিদ্ৰা দূৰ হয়। ই শৰীৰৰ পেশীবোৰ শিথিল কৰে। শৰীৰত ৰক্ত সঞ্চালন ভাল কৰে । ফলত টোপনি ভাল হয়।
৫) কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে গৰম পানীত গা ধুলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। গৰম পানীত গা ধুলে শৰীৰৰ শ্বেত ৰক্তকণিকাবোৰ অধিক পৰিমাণে সক্ৰিয় হয়।