আফগানিস্তানৰ এসময়ৰ যোগাযোগ আৰু প্ৰযুক্তি মন্ত্ৰী ,বৰ্তমান কৰ্মৰত এজন পিজ্জা ডেলিভাৰীৰ কৰ্মচাৰী হিচাপে। উল্লেখ্য যে ছৈয়দ আহমেদ শ্বাহ সাদাত আছিল আফগানিস্তানৰ যোগাযোগ আৰু প্ৰযুক্তি মন্ত্ৰী। কিন্তু বৰ্তমান তেঁও জাৰ্মানিত চাইকেলৰ জৰিয়তে মানুহৰ ঘৰে ঘৰে ডেলিভাৰ কৰে পিজ্জা। জানিবলৈ পোৱা মতে নিজৰ ইচ্ছামতেই মন্ত্ৰীত্বৰ পদ ত্যাগ কৰি এই কাম বাচি লৈছে ছৈয়দ আহমেদে।
প্ৰাক্তন মন্ত্ৰীগৰাকীৰ যোগ্যতাও আছে বহুত। উল্লেখ্য যে অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত দুবাৰকৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে তেঁও। আনহাতে প্ৰায় ২৩ বছৰ ধৰি বিশ্বৰ বিভিন্ন উল্লেখযোগ্য সংস্থাত কাম কৰিছে আহমেদে। লগতে ১৩ খন দেশৰ বিভিন্ন সংস্থাৰ উচ্চ পদত কাম কৰাৰ অভিজ্ঞতা আছে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ।
প্ৰাপ্ত তথ্য মতে ২০০৫ চনৰ পৰা ২০১৩ চন পৰ্যন্ত আফগানিস্তানৰ প্ৰযুক্তি মন্ত্ৰালয়ৰ পৰামৰ্শদাতা আছিল আহমেদ শ্বাহ। ইয়াৰ উপৰিও ২০১৬-১৭ চনত লণ্ডনত আৰিয়ানা নামৰ এক টেলিকম সংস্থাৰো দায়িত্ব লৈছিল তেঁও।
উল্লেখ্য যে ২০১৮ চনত আশ্ৰফ ঘানি কেবিনেটৰ প্ৰয়ুক্তি মন্ত্ৰী হিচাপে নিযুক্তি হোৱাৰ পাচৰে পৰাই চৰকাৰৰ লগত মতবিৰোধ হ’বলৈ ধৰিলে আহমেদ শ্বাহৰ। ফলত ২০২০ চনত তেঁও পদত্যাগ কৰে । দুখ তথা অপমানত তেঁও জাৰ্মানিলৈ গুচি যায়।
জাৰ্মানিত নিজৰ সঞ্চয়ৰ কিছু টকাৰে তেঁও এখন মাউন্টেন বাইক কিনে আৰু ফুড ডেলিভাৰী এপ লিভৰাণ্ডত ডেলিভাৰী কৰ্মী হিচাপে কাম আৰম্ভ কৰে এইজন প্ৰাক্তন মন্ত্ৰীয়ে। সহজ –সৰল জীৱন যাপনত অভ্যস্ত এই লোকজন নিজে ভাল পোৱা তথা আন দহজনক উৎসাহিত কৰিব পৰা কৰ্মৰ ওপৰতহে বিশ্বাসী।