বেল এবিধ পৱিত্ৰ ফল। পকা বেল অতি শক্তিদায়ক আৰু বিভিন্ন ৰোগ প্ৰতিৰোধক।
ইংৰাজী নাম ঃ Wood Apple
বৈজ্ঞনিক নাম ঃ Aegel Marmelis
বেলৰ বাকলি অতি টান। ফল কেঁচাতে সেউজীয়া আৰু পকিলে হালধীয়া হয়। পকা ফল সুগণ্ঠিযুক্ত। পকা বেল যথেষ্ট আঁহযুক্ত আৰু খাবলৈ সোৱাদ হয়। পকা বেলৰ বা কেঁচা বেল জুইত পুৰি লৈ ভিতৰৰ আঁহ খিনি উলিয়াই পানীৰ লগত সানি গুটি আৰু আঁহ খিনি পেলাই দি ৰস বনাব লাগে। চেনি আৰু গাখীৰ মিশ্ৰণ কৰি চৰবত বনাব পাৰি। এই চৰবত খাবলৈ অতি সোৱাদযুক্ত হয়। ফাগুন চ’ত মাহত বেলৰ চৰবত খালে পেট ঠাণ্ডা হৈ থাকে। বেলৰ চৰবত খোৱাৰ উপৰিও বেলৰ আছে বহুতো ঔষধি গুণ। জানো আহকচোন-
১) বেল সঞ্চিত গ্ৰহণী আৰু শাওঁ গ্ৰহণীৰ বাবে অতি উপকাৰী। কুমলীয়া বেল সৰু সৰুকৈ কাটি ৰ’দত শুকুৱাই ভালদৰে গুড়া কৰিব লাগে।একাপ পানীত দুই চামুচ বেলৰ গুড়া দি উতলাই দিনে এবাৰকৈ একেৰাহে এমাহ খালে সঞ্চিত গ্ৰহণী ভাল হয়।
২) পকা বেল চোবাই খালে কোষ্ঠকাঠিন্য সহজে দূৰ হয়।
৩) পকা বেলত খাদ্যপ্ৰাণ ‘ক’ যথেষ্ট পৰিমাণে থকা বাবে চকুৰ বিভিন্ন ৰোগ বিশেষকৈ কুকুৰীকণা প্ৰতিৰোধ কৰাত সহায় কৰে।
৪) পকা বেলে দাঁত , হাড় গঠন আৰু মজবুত কৰাত সহায় কৰে।
৫) পকা বেল খালে হিম’গ্ল’বিন বৃদ্ধি কৰিব পাৰে।
৬) পকা বেলে স্মৰণ শক্তি বৃদ্ধি কৰে।
৭) পকা আৰু কেঁচা বেলে পেটচলা ৰোগ নোহোৱা কৰে।
৮) পকা বেলে কৃমি নাশকৰ কাম কৰে।
৯) হৃদৰোগীৰ বাবে পকা বেল উপকাৰী। পকা বেল গাখীৰৰ সৈতে খালে বুকুৰ ধপধপনি ৰোগ ভাল হয়।
১০) পকা বেলৰ চৰবতে শৰীৰ শীতল ৰাখে , শক্তি বঢ়ায় আৰু পেট পৰিষ্কাৰ ৰাখে।
বেলৰ পাতৰ ৰস উলিয়াই ছালত সানিলে শৰীৰৰ পৰা ওলোৱা বেয়া গোন্ধ নোহোৱা হয়। পকা বেলৰ শাহখি গাখীৰত ফেটি ছালত সানিলে ছাল নিমজ আৰু ধুনীয়া হয়।