বিশ্ব ব্ৰহ্মাণ্ডত এনে বহু লোক আছে যাৰ শৰীৰৰ গঠন হয়তো আন হাজাৰ জনতকৈ পৃথক নাইবা সৰ্বসাধাৰণ মানুহৰ তুলনাত তেওঁলোকৰ শৰীৰত থাকে অতিৰিক্ত অংগ ৷ নাইবা তেওঁলোকৰ শৰীৰত এনে কিছু চিহ্ন থাকে যি এজন ব্যক্তিক হয়তো আন দহজনকৈ পৃথক কৰি তোলে ৷ বহু কম মানুহৰ হে এনে কিছুমান লক্ষণ থাকে যাক বহুসময়ত সেয়ে ভাগ্যবান বুলিও ভবা হয় ৷ যিদৰে বহু লোকৰ হাতত হয়তো আঙুলি কম বা বেছিকৈ থাকে ৷ আনহাতে বিশ্বত এনে ব্যক্তিৰো জন্ম হৈছে যাৰ শৰীৰত আছে সোণালী তেজ ৷
অতিৰিক্ত আঙুলি অৰ্থাৎ ৬টা আঙুলি লৈ জন্ম গ্ৰহণ কৰা ব্যক্তি অতি বিৰল ৷ বিশ্বত ২৫,০০০জনৰ ভিতৰত মাত্ৰ এজনহে এনে ব্যক্তিৰ জন্ম হয় ৷ বহুতেই ৬টা আঙুলি অক্ষমতাৰ প্ৰতীক বুলি কয় যদিও বহু ক্ষেত্ৰত ইয়াৰ সুবিধাও নথকা নহয় ৷ চিকিৎসক সকলৰ মতে এনে ব্যক্তিৰ মগজু অতিৰিক্ত অংগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সম্পূৰ্ণ সক্ষম ৷
আনহাতে বহুলোকৰ আকৌ বুকুত থাকে অতিৰিক্ত কামিহাড় ৷ বেছিভাগ মানুহৰ বুকুত সাধাৰণতে ২৪দাল বা ১২যোৰ কামিহাড় থাকে কিন্তু তাৰ পৰিৱৰ্তে বহুতৰ শৰীৰত সোঁ-বাও দুইফালে এযোৰ অতিৰিক্ত কামিহাড় থকা দেখা যায় ৷ যাক কেতিয়াবা এক্সৰে’ কৰিলেও গম পোৱা নাযায় ৷ বহু লোকেই এই অতিৰিক্ত কামিহাড় লৈয়ে দীৰ্ঘদিন জীয়াই থাকে ৷
এইখন পৃথিৱীতে এনে কিছু মানুহ আছে যাৰ শৰীৰত বৈ আছে সোণালী তেজ (গোল্ডেন ব্লাড)৷ অৱশ্যে ইয়াৰ মানে এইটো নহয় যে তেওঁলোকৰ তেজৰ বৰণ সোণালী ৷ ই তেজৰ মাত্ৰ এটা প্ৰকাৰহে ৷ এই তেজ অতি বিৰল ৷ ১৯৬১চনত এজন আদিবাসী লোকৰ শৰীৰত এই তেজ ধৰা পৰিছিল ৷ কিন্তু তাৰ পিছৰপৰা আজিলৈকে মাত্ৰ ৫০জন লোকৰ শৰীৰতহে এনে তেজ আছে বুলি জানিব পৰা গৈছে ৷
সমগ্ৰ বিশ্বত মাত্ৰ ১ৰ পৰা ১০% শিশুৰ কানৰ ওপৰত থাকে সৰু ছিদ্ৰ ৷ অৱশ্যে ইয়াৰ ফলত পিছলৈ শিশুটিৰ শৰীৰত কিছু সমস্যাও দেখা যায় ৷আনহাতে বিশ্বত এনে কিছু ব্যক্তি আছে যি সকলৰ চুলি আঁচুৰিব পৰা নাযায় ৷ এনে ব্যক্তি সকলৰ চুলি ইমানেই ৰুক্ষ যে আঁচোৰাৰ সময়ত ই সৰি যায় ৷
সঁচাকৈয়ে আঁচৰিত নহয়নে এইখন পৃথিৱীত এনে কিমান যে মানুহ আছে যি নিজৰ শৰীৰতে বহু সমস্যা লৈ জন্ম গ্ৰহণ কৰিছে ৷ আন দহজনতকৈ পৃথক হৈ জন্ম গ্ৰহণ কৰা এই লোকসকলে বহু সময়ত শাৰিৰীক বা মানসিক ভাবে অসুবিধাৰ সন্মূখীন হ’লেও জীৱন উদযাপন কৰিছে হাঁহি হাঁহি ৷