বিৰাট কোহলি হওক বা আয়ুষ্মান খুৰানা, ৰণবীৰ সিং, বিকি কৌশল, পুৰুষৰ ফেশ্বনত এতিয়া দাড়ি ৰখাৰ ধাৰা বৃদ্ধি পাইছে । ডাঠ দাড়িয়েও সলনি কৰিব পাৰে ৷ গতিকে দাড়িৰ যত্ন কেনেকৈ লব জানো আহক।
১) দাড়ি থাকিলে পকেটত এটা সুকীয়া ফণী ৰাখক। দাড়িৰ বাবে বিশেষ ফণী বিভিন্ন দোকানত বা অনলাইনত সহজেই পোৱা যায়। চুলি আৰু দাড়িৰ চৰিত্ৰ বেলেগ। গতিকে ফণী পৃথকে ৰাখিব।
২) দাড়ি নিয়মিতভাৱে ট্ৰিম কৰিব লাগে। গতিকে সপ্তাহত এবাৰ দাড়ি ট্ৰিম কৰক।
৩) দাড়ি ভালদৰে ট্ৰিম কৰি ৰাখিবলৈ ট্ৰিমাৰৰ প্ৰয়োজন হয়। দাড়িৰ যত্নৰ বাবে বজাৰত বিভিন্ন ধৰণৰ সৰু সৰু ট্ৰিমাৰ পোৱা যায়। কিন্তু চুলি ট্ৰিমাৰ নহয়। গতিকে দাড়িৰ বাবে থকা সুকীয়া ট্ৰিমাৰ ব্যৱহাৰ কৰক ৷
৪) ৰেজাৰ ব্যৱহাৰ কৰাৰ সময়ত সদায় পৰিষ্কাৰ আৰু দূষণমুক্ত কৰি ৰাখিব লাগে।
৫) দাড়িত নতুন ষ্টাইল কৰিব বিচাৰিলে গজাৰ লগে লগে ট্ৰিম নকৰিব। দাড়ি অলপ দীঘল হ’বলৈ দিয়ক, তাৰ পিছত ষ্টাইলৰ সিদ্ধান্ত লওক।
৬)শীতকালেই হওক বা গ্ৰীষ্মকালেই হওক, দাড়িত মইশ্ব’ৰাইজাৰ লগাব নাপাহৰিব ৷ ৰুক্ষ দাড়ি একেবাৰে ভাল নেদেখে ৷ গতিকে মইশ্ব’ৰাইজাৰ আৰু দাড়িৰ তেল পৃথকে পৃথকে ব্যৱহাৰ কৰিব লাগে।
৭)যেনেকৈ ৰ’দত ওলাই যাওঁতে মুখত ছানস্ক্ৰীণ লগায়, তেনেদৰে দাড়িৰ অংশ এৰি নাযাব। দাড়িৰ তলৰ ছালত ছানস্ক্ৰীণ লগাব লাগে, ইয়াৰ ফলত ছালত ক’লা দাগ নপৰে, দাড়িও চিকচিকিয়া হ’ব।
৮) শ্বেম্পুৰে চুলি কণ্ডিচন কৰাৰ সময়ত দাড়িও কণ্ডিচন কৰিব লাগে।
৯)ডাঠ আৰু ধুনীয়া দাড়ি বিচাৰিলে নিয়মিতভাৱে এছেন্সিয়েল অইল লগাব লাগে। অৱশ্যে এই তেল বহু লোকে সহ্য কৰিব নোৱাৰে । গতিকে ইয়াক ব্যৱহাৰ কৰিব নে নকৰে ছালৰ বিশেষজ্ঞৰ পৰা পৰামর্শ ল’ব লাগে।