কিমান ভয়ংকৰ হ‘ব পাৰে মৃত্যু ভয়। মৃত্যুৰ ভয়ে কেনেকৈ মানুহক খেদিব পাৰে। বিশ্বজুৰি কৰ‘নাই সৃষ্টি কৰা ভয়ংকৰ পৰিবেশত মৃত্যু এতিয়া সহজলভ্য সকলোৰে বাবে। তথাপি জীয়াই থকাৰ হেঁপাহ কাৰনো নাথাকে। জীয়াই থকাৰ তাড়নাত নিজকে সমাজৰ পৰা আছুতীয়া কৰি অন্য এক জীৱন সংগ্ৰাম কৰা এটা ঘটনা সংঘটিত হৈছে এইখন ভাৰততে ।
কৰ‘নাৰ প্ৰথমটো লহৰৰ পৰাই ঘৰত আৱদ্ধ হৈ থকা এটা পৰিয়াল উদ্ধাৰৰ ঘটনাই এতিয়া চৰ্চা লাভ কৰিছে সমগ্ৰ দেশত। অন্ধ্ৰপ্ৰদেশৰ কদালী নামৰ গাঁও খনৰ এটি পৰিয়ালক ১৫ মাহৰ অন্তত বুধবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কৰ‘নাৰ প্ৰথমটো ঢৌত চুবুৰীয়া এজনৰ ঘৰত কৰ‘না আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হোৱা দিন ধৰি মানুহঘৰে নিজকে আৱদ্ধ কৰি ৰাখিছিল সুদীৰ্ঘ সময়।
অৱশ্যে এই সমগ্ৰ ঘটনাটো তেতিয়াহে পোহৰলৈ আহিল যেতিয়া কৰ‘নাৰ বাবে চৰকাৰী সাহাৰ্য দিবলৈ চৰকাৰী মানুহ আহি উক্ত ঘৰটোত উপস্থিত হৈছিল।কোনো লোকে খবৰ লবলৈ গলেও মাত-বোল নকৰাকৈ থকা পৰিয়ালটোক অৱশেষত আৰক্ষীৰ লোকেহে উদ্ধাৰ কৰিবলৈ সক্ষম হ‘য়।
জানিব পৰা মতে কৰ‘নাত আক্ৰান্ত হোৱাৰ ভয়ত ৫০ বৰ্ষীয় ঘৰৰ মুখীয়ালজনে পত্নীৰ লগতে দুই কন্যাক ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখি ভিতৰৰ পৰা তলা লগাই থৈছিল।যাৰফলত পৰিয়ালটো ভালদৰে খোৱা-বোৱা নকৰা বা অনিয়মীয়া মলত্যাগ আৰু গা-পা নোধোৱাকৈ সুদীৰ্ঘ সময় থাকি স্বাস্থ্যৰ গতি বেয়ালৈ ধাল খাইছিল।
পিছত আৰক্ষীয়ে পৰিয়ালটো উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে। যদিও চিকিৎসকে জনোৱা অনুসৰি আৰু এসপ্তাহ এনেদৰে থকা হলে পৰিয়ালটো নিশ্চিত মৃত্যু হ‘লহেতেন। যিহেতু ১৫ মাহ ধৰি নিয়মিত ধৰণে খাদ্য গ্ৰহণ নকৰাত পৰিয়ালটো একেবাৰে মূমুৰ্ষ অৱস্থালৈ গতি কৰিছিল।