বৰষুণৰ দিনত পিঁপৰাই অশান্তি দিয়ে বহু গৃহস্থক। আলমাৰীৰ পিছফালে হওক বা পাকঘৰৰ চুকত হওক, বেলকনিত হওক অথবা কিতাপৰ আলমাৰীতো হওক, পিপৰাৰ উপদ্ৰৱে সকলোকে অশান্তি দিয়ে ৷ চেনিৰ টেমাত যদি সৰু ফাঁক থাকে, তেনেহ’লে গোটেই পৰুৱাৰ জাকটোৱে সোমাই যায় ৷ কীটনাশক স্প্ৰে কৰি বহুতে এই পিপৰাৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰিবলৈ চায় ৷ কিন্তু ই কেতিয়াবা সুফল নিদিয়ে ৷ বজাৰত পোৱা এই পিঁপৰাৰ স্প্ৰেবোৰৰ বেছিভাগতে বহুতো ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ থাকে। ঘৰত ল’ৰা-ছোৱালী থাকিলে ব্যৱহাৰ কৰাটো উচিত নহয়। ইয়াৰ দামো বেছি ৷ গতিকে পিঁপৰাৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান ঘৰুৱা উপায় পিঁপৰাৰ পৰা মুক্তিৰ ঘৰুৱা উপায় জানো আহক-
১) বগা(হোৱাইট) ভিনেগাৰ
বগা ভিনেগাৰৰ গোন্ধ পিঁপৰাবোৰে সহ্য কৰিব নোৱাৰে। সমান পৰিমাণৰ পানী আৰু বগা ভিনেগাৰ মিহলাই মিশ্ৰণ এটা বনাই কোঠাটোৰ চাৰিওফালে ছটিয়াই দিব।
২) জালুকৰ গুড়ি
তিনি-চাৰি চামুচ গোটা জালুক গুড়ি কৰি লওক। ইয়াৰ পিছত স্প্ৰে বটলত জলকীয়া গুড়িৰ পৰিমাণ পানীৰ লগত মিহলাই লওক। এইবাৰ পিঁপৰাৰ আক্ৰমণ বেছি হোৱা সকলো ঠাইতে স্প্ৰে কৰি দিয়ক। সকলো ঠাইৰ পৰা পিঁপৰা আঁতৰি যাব ।
৩) ডালচেনি-লং-তেজপাত
চেনি,আটা বা ময়দাৰ টেমাত শুকান জলকীয়া আৰু তেজপাত সোমাই থোৱাৰ প্ৰথা বহু পুৰণি ৷ এয়াই পিঁপৰা খেদাৰ সৰ্বোত্তম কৌশল। তেজপাত,লং আৰু ডালচেনিৰ উগ্ৰ গোন্ধ পিঁপৰা বা যিকোনো পোকে সহ্য কৰিব নোৱাৰে। গতিকে পিঁপৰা আতৰি যোৱাটো নিশ্চিত।
৪) নিমখ পানী
এইক্ষেত্ৰত অতি কার্যকৰী হৈছে নিমখ পানী। প্ৰথমে পানী গৰম কৰক। তাত ৩ৰ পৰা ৪ চামুচ নিমখ মিহলাই স্প্ৰে বটলত ভৰাই কোঠাটোৰ চাৰিওফালে ছটিয়াই দিব। সোনকালে ফলাফল পাব।
৫) পদিনা পাত
পদিনাৰ উগ্ৰ গোন্ধ পিঁপৰাই সহ্য কৰিব নোৱাৰে । অলপ থেতেলিয়াই পাকঘৰ আৰু ড্ৰয়িং ৰূমৰ মজিয়াত, চুকত চটিয়াই দিব। পদিনা তেল পানীৰ লগত মিহলাই ঘৰত ছটিয়ালেও পিঁপৰাৰ পৰা পৰিত্ৰাণ পাব পাৰি।
কি কি কথা মনত ৰাখিব ?
১) পাকঘৰৰ কেবিনেট বা শ্বেলফ মাহত এবাৰ চাফা কৰিব লাগে। কাপোৰৰ আলমাৰীটো পৰিষ্কাৰ কৰক। কাপোৰৰ ভাঁজত নেফ্থালিন দিবলৈ নাপাহৰিব।
২) খোৱা-বোৱা শেষ হোৱাৰ পিছত পাকঘৰ পৰিষ্কাৰ কৰিব লাগে। বহু সময়ত পাকঘৰৰ টেবুল, মজিয়াত ৰন্ধা খাদ্যৰ টুকুৰা বা কেঁচা শাক-পাচলি পৰি থাকে। ইয়াৰ ফলত পিঁপৰাৰ উপদ্ৰৱ বাঢ়ি যায় ৷
৩) ঘৰ, বেলকনি, পাকঘৰ প্ৰবল গোন্ধযুক্ত ফেনাইলেৰে প্ৰতিদিনে মচিব লাগে। ইয়াৰ ফলত পিঁপৰাৰ উপদ্ৰৱ হ্ৰাস পাব।