মিথি জোপোহা জাতীয় শাক। গা-গছ সৰু আৰু গোলাকাৰ। পাত চোবাই খালে অলপ টেঙা লাগে।
ইংৰাজী নাম – Fenugreek
বৈজ্ঞানিক নাম – Trionella Foenum Gracum Linn
মিথি শাক বহুত ঔষধি গুণেৰে ভৰপূৰ।জানো আহকচোন-
১) মিথি গুটিয়ে শুক্ৰ বৃদ্ধি হোৱাত সহায় কৰে।
২) মিথি শাক খালে গাৰ ছাল নিমজ হয়।
৩) মিথি গুটি গুড়া কৰি লগালে মুখৰ যিকোনো দাগ নোহোৱা হয়।
৪) মিথি খালে মুখৰ দুৰ্গন্ধ নোহোৱা হয়।
৫) জুয়ে পোৰা , বাতবিষ , জণ্ডিচ , গা বিষ , ডিঙিৰ বিষ আদিত মিথিশাক উপকাৰী।
৬) শৰীৰ উখহা ৰোগ , মুখৰ ঘা মিথিয়ে ভাল কৰিব পাৰে।
৭) সৰু আই ,ৰক্তহীনতা , বগাস্ৰাৱ , আভোক , বায়ু , জ্বৰ , কৃমি আদিত মিথিশাক উপকাৰী।
৮) মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত মহিলা সকলে অধিক পৰিমাণে মিথি শাক খাব নালাগে ।
৯) ঋতুস্ৰাৱৰ সময়ত অধিক পৰিমাণে মিথি খালে ৰক্তস্ৰাৱ বেছি হ’ব পাৰে।
১০) বহুমূত্ৰ ৰোগত মিথি শাক খোৱা ভাল।