খৰখেদা হৈছে নেকি? ক’ৰবালৈ যাবলৈ ওলাই দেৰি হৈছে যেন অনুভৱ কৰি খৰধৰকৈ খাদ্য গিলি পেলোৱাৰ অভ্যাস আছে নেকি ? এই প্ৰথা স্বাস্থ্যৰ বাবে ভাল নহয়।
দ্ৰুত গতিত খাদ্য খালে অজানিতে শৰীৰৰ যথেষ্ট ক্ষতি হয়। খাদ্য সঠিকভাৱে চোবাই নাখালেলে শৰীৰে ইয়াৰ সম্পূৰ্ণ পুষ্টিগুণ শোষণ কৰিব নোৱাৰে। বিশেষকৈ খাদ্যত থকা বেছিভাগ ভিটামিন এই অভ্যাসৰ বাবে অপচয় হয়। লগতে খাদ্য যিমানেই চোবাই খাব সিমানেই ভাঙি যাব আৰু লেলাউতিৰ লগত মিহলি হয়। ইয়াৰ উপৰিও ইয়াত থকা ক্ষতিকাৰক বীজাণুবোৰো নিধন কৰিব। অন্যথা পেটত বেক্টেৰিয়াৰ সংক্ৰমণৰ সম্ভাৱনাও বৃদ্ধি পায়।
বহুতেই গেছ, হৃদস্পন্দন, বদহজম ৰোগত আক্ৰান্ত হয়। ইয়াৰ আঁৰৰ কাৰণ খৰকৈ খোৱাৰ অভ্যাসও হ’ব পাৰে। যদি খাদ্য ভালকৈ চোবাই নাথাকে আৰু কেৱল গিলিলে খাদ্যখিনি কেনেকৈ হজম কৰিব লাগে শৰীৰে বুজি নাপায়। পাচনতন্ত্ৰৰ অসুবিধাৰ কাৰণে পেট ফুলা, হাৰ্টবাৰ্ণ, কোষ্ঠকাঠিন্য আদি বিভিন্ন লক্ষণ দেখা দিয়ে। গতিকে সময় খাওক কিন্তু সময়ৰ লগত খাওক। খৰখেদা নকৰিব।
ইয়াৰ বাহিৰেও ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ খাদ্য চোবাই খোৱাটো গুৰুত্বপূৰ্ণ। বহু সময় চোবাই খালে বিপাকীয় ক্ৰিয়া বৃদ্ধি পায়। বহু সময় খোৱাৰ পিছত পেটটো ভৰপূৰ অনুভৱ হয়। গতিকে অতিমাত্ৰা খাদ্য খোৱাৰ প্ৰৱণতা কমি যায়। খাদ্যৰ সোৱাদ সঠিকভাৱে চোবাই খালে উপভোগ কৰিব পাৰি। গতিকে খাদ্যৰ সোৱাদ উপভোগ কৰি লাহে লাহে খাওক, তেতিয়াহে শৰীৰ শক্তিশালী হ’ব।