আইএএছ বিষয়া ৰেবেকা ভেনেছা চুচিয়াঙক মেঘালয় চৰকাৰৰ নতুন মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে।
ৰাজ্যখনৰ জেষ্ঠ আইএএছ বিষয়া চুচিয়াং হৈছে মুখ্য সচিব পদত নিযুক্তি লাভ কৰা প্ৰথম গৰাকী খাচী মহিলা।
কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ত অতিৰিক্ত সচিব হিচাপে কৰ্মৰত হৈ থকা ৰেবেকা ভেনেছা চুচিয়াঙে বুধবাৰে ৰাজ্যখনৰ মুখ্য সচিব ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছে।
১৯৮৯ বৰ্ষৰ এই আইএএছ বিষয়া গৰাকী পূৰ্বৰ মুখ্য সচিব এমএছ ৰাওঁৰ ঠাইত এই পদত নিযুক্তি লাভ কৰিছে।
সমগ্ৰ দেশত এনে সন্মানীয় পদত খুউব কম সংখ্যক মহিলা নিযুক্তি হোৱাৰ পৰিপ্ৰেক্ষিতত চুচিয়াঙে তেওঁৰ এই সাফল্যই মেঘালয়ৰ বহু মেধাবী যুৱক-যুৱতীক উৎসাহিত কৰিব উল্লেখ কৰে।