VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ওজন কমোৱাত সহায় কৰা বন্ধাকবিৰ পাঁচটা খাদ্য সম্ভাৰ

voicedesk by voicedesk
August 21, 2021
in জীৱন
ওজন কমোৱাত সহায় কৰা বন্ধাকবিৰ পাঁচটা খাদ্য সম্ভাৰ
0
SHARES
117
VIEWS
Share on FacebookShare on Twitter

শীতকালত প্ৰচুৰ উৎপাদন হোৱা বন্ধাকবি সকলোৰে প্ৰিয় পাচলিৰ অন্যতম এবিধ পাচলি। এই পাচলিবিধে ওজন কমোৱাত মানুহক অভূতপূৰ্ব সহায় কৰে। যিহেতু বৰ্তমান সময়ত মানুহৰ এটা প্ৰধান সমস্যা হৈছে মেদবহুলতা।এই মেদবহুলতাৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে বিভিন্ন উপায় অৱলম্বন কৰা দেখা যায়।অতি কম কেল‘ৰিযুক্ত বন্ধাকবিও মেদ হ্ৰাস কৰাত যথেষ্ট সহায় কৰে।

যদি আপুনি  মেদ হ্ৰাস কৰিব  বিচাৰে তেন্তে সদায় আপোনাৰ খাদ্য তালিকাত বন্ধাকবি সংযোগ কৰক।বিভিন্ন ধৰণেৰে ৰান্ধি আপুনি বন্ধাকবিৰ সোৱাদ লব পাৰে। সৰু সৰু টুকুৰা কৰি বন্ধাকবি আপুনি ভাপত দিও খাব পাৰে বা ময়দাৰ সলনি বন্ধাকবিৰ পাতত মেৰিয়াই ৰ‘ল বনাইও খাব পাৰে। অত্যন্ত সোৱাযুক্ত এই খাদ্য ৰসাল হোৱাৰ লগতে আপোনাক মাংসৰ দৰে সোৱাদ প্ৰদান কৰিব।

আমি সকলোৱে ভাল পোৱা অন্য এক খাদ্যৰ যুতি হৈছে চালাদ। বন্ধাকবিও আমি সৰিয়হ তেলত বিন , গাজৰ আৰু কেপচিকাম দি অলপ ভাজি চালাদ তৈয়াৰ কৰি খাব পাৰো।প্ৰচুৰ ফাইবাৰ থকা এই খাদ্যই আপোনাক  অন্য এক সোৱাদ দিব।

 ৰেষ্টুৰেন্টত গৈ সদায় চিকেন ৰ’লৰ সোৱাদ লবলৈ আমি সকলোৱে ভাল পাও।যি অভ্যাসে আমাক মেদবহুলতাৰ দৰে ৰোগ বৃদ্ধিত সহায় কৰে।কিয়নো আমি চিকেন আৰু বন্ধাকবিৰে ঘৰতে এই ৰ‘ল বনাই সোৱাদ ল‘ব নোৱাৰো ! হ’য় বন্ধাকবিৰ পাতত আমি সিজাই লোৱা চিকেন আৰু পিয়াজৰ পাত দি ৰ’ল বনাই খাব পাৰো।

যিসকলে ভাতৰ পোলাও খাই ভাল পাই সেইসকলেও ভাত আৰু বন্ধাকবি পোলাও তৈয়াৰ কৰি সেই খাব পাৰে।খুব স্বাস্থ্যসন্মত এই বন্ধাকবি ভাতৰ পোলাও অলপ ঘী ত ভাজি  খালে কেলৰি বাৰ্ণ হোৱাত সহায় কৰে। আপোনাৰ পচন্দ অনুসৰি আপুনি অন্য তৰকাৰী লগতো এই পোলাও খাব পাৰে।

ইয়াৰউপৰিও আপুনি বন্ধাকবিৰ চেণ্ডউইচ তৈয়াৰ কৰিও খাব পাৰে। ইয়াক আপুনি ব্ৰেডৰ ওপৰত  চীজৰ সলনি পানী কঢ়া দৈ ,বন্ধাকবি , গাজৰ ,কেপচিকাম দি বনাব পাৰে।অতিকে স্বাস্থ্যসন্মত এই খাদ্য সম্ভাৰে আমাক বহু স্বাস্থ্য উপকাৰীতা দিব পাৰে।ৰাতিপুৱাৰ খাদ্যৰ তালিকাত চেণ্ডউইচ ৰ লগত দৈনিক এগিলাচ  বন্ধাকবিৰ ৰস  খালে আমাৰ শৰীৰৰ অতিৰিক্ত মেদ অতি কম সময়তে হ্ৰাস পাব।

 যদিও বন্ধাকবিৰ বহুত উপকাৰী গুণ আছে তথাপি থাইৰয়ডৰ দৰে অসুখত  বন্ধাকবি খুবেই অপকাৰী । তেনেক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লৈহে বন্ধাকবিৰ সোৱাদ ল’ব লাগে।

Previous Post

ওজন হ্ৰাসৰ ক্ষেত্ৰত সহায়ক ৫ বিধ যোগাসন

Next Post

দেওপাহাৰ প্ৰস্তাৱিত বনাঞ্চলে ২২ বছৰে নাপালে সংৰক্ষিত বনাঞ্চলৰ মৰ্যাদা

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
দেওপাহাৰ প্ৰস্তাৱিত বনাঞ্চলে ২২ বছৰে নাপালে সংৰক্ষিত বনাঞ্চলৰ মৰ্যাদা

দেওপাহাৰ প্ৰস্তাৱিত বনাঞ্চলে ২২ বছৰে নাপালে সংৰক্ষিত বনাঞ্চলৰ মৰ্যাদা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7