ভূটানৰ পৰা নামি অহা ধলে প্লাৱিত কৰিলে বঙাইগাঁও-চিৰাং জিলাৰ বিস্তীৰ্ণ অঞ্চল।বিশেষকৈ চিৰাং জিলাৰ বান পৰিস্থিতিৰ ক্ৰমাৎ অধিক অৱনতি ঘটিছে।মাক্ৰা,লাংখাৰ,টাকলাই,নাঙলৰ ওপৰেদি প্ৰবাহিত হোৱা বানে বহু গাঁও প্লাৱিত কৰিছে।জিলাখনৰ বেংতল ৰাজহ চক্ৰৰ ৯ খন গাঁও,বিজনী ৰাজহ চক্ৰৰ ২৬ খন গাঁও আৰু চিলনী ৰাজহ চক্ৰৰ ৭ খন গাঁও সহ মুঠ ৮৯ খনকৈ গাঁও বানৰ কৱলত পৰাত জিলাখনৰ ১৩,২৩৭ জন লোক ক্ষতিগ্ৰস্ত হৈছে।
জিলা প্ৰশাসনে এই ক্ষতিগ্ৰস্ত লোক সকলৰ বাবে বেংতল ৰাজহ চক্ৰৰ অধীনত এটা আৰু বিজনী ৰাজহ চক্ৰৰ অধীনত ১৯ টা আশ্ৰয় শিৱিৰ স্থাপন কৰিছে।উল্লেখ যোগ্য যে এই আশ্ৰয় শিৱিৰত তিনি গৰাকী গৰ্ভৱতী মহিলাকে ধৰি মুঠ ৬,৩৭২ গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰিছে।
বানৰ কৱলত প্ৰায় ৯২০ টা পশুধন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৬ টাকৈ ঘৰ বানে উটুৱাই নিয়ে।বানত আৱদ্ধ হৈ পৰা ২৫ জন লোকক এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰে।আনহাতে বিজনীত এতিয়াও বান পৰিস্থিতি অপৰৱৰ্তিত হৈ আছে।বিশেষকৈ যোৱা দুদিন ধৰি হৈ থকা প্ৰৱল বৃষ্টিপাত আৰু ভূটানৰ পৰা নামি অহা পানীৰ ঢলে মাজৰবাৰী,শিশুবাৰী,চৌৰাগুৰি,সন্ন্যাসগুৰি,ছাৰেপেটেকে ধৰি বহু অঞ্চল পানীৰে বোৰাই পেলাইছে।
একেদৰে উত্তৰ শালমৰাতো বানে লৈছে ভয়ংকৰ ৰূপ।প্ৰায় ডেৰ কুৰিৰো অধিক পৰিয়াল এতিয়া পানীৰ মাজত আৱদ্ধ হৈ আছে।আই নৈৰ পানীয়ে সৃজনগ্ৰামলৈ যোৱা পথ বন্ধ কৰি পেলাইছে।সিদলসতী বটগুৰি পথতো পানী উঠাত বহু অঞ্চলৰ ঘৰ-বাৰী প্লাৱিত হোৱাৰ লগতে হাজাৰ হাজাৰ হেক্টৰ খেতি পথাৰ নষ্ট হৈছে।
চেঁচাপানী,বালাজানী,লালমাটি,জাৰাগুৰি,নাচনগুৰি,বৃদ্ধবাসী,দৰকিনামাৰী,বালাৰপেট,দহেলপাৰা,সোণাখুলীকে ধৰি বহু অঞ্চল পানীৰ তলত আছে।ইফালে মানাহ নৈৰ পানী বঢ়াত মেৰেৰেচৰ,পঞ্চায়তৰ বহু ঘৰ-বাৰী পানীত জাহ যোৱাৰ লগতে খেতি-বাতিৰো বিস্তৰ ক্ষতিসাধন হৈছে।
নৈখনৰ গৰাখহনীয়া অব্যাহত থকাত বহু পৰিয়ালক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে।তদুপৰি ব্ৰক্ষ্মপুত্ৰ বাঢ়নি পানীয়ে মালেগাঁও,গোবিন্দপুৰ,টিনকোপীয়া,পাচনীয়া,মোহন পুৰ,বৰজানা,ছটবৰজানা আদি অঞ্চলৰ হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি বানে প্লাৱিত কৰিছে।
একেদৰে বঙাইগাঁও জিলাৰ আই নৈৰ বাঢ়নি পানীয়ে জটিল ৰূপ ধাৰণ কৰিছে।ইফালে আই নৈৰ মথাউৰিৰ কাম পূৰ্ণ গতিত চলি আছে। আৰু এন ডি আৰ এফ , এছ ডি আৰ এফ তথা এফ ই এছে সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অধীনত ছৰামৰা ১ ম খণ্ড ছৰামৰা ২য় খণ্ড,বালাজানী চেঁচাপানী গাঁৱত উদ্ধাৰ কাৰ্য চলাই আছে।