দীপাবলীত প্ৰদীপ বা চাকি জ্বলোৱা নিয়ম প্ৰাচীন কালৰে পৰা চলি আহিছে। বাস্তু শাস্ত্ৰ অনুসৰি দীপাবলীত কেনেদৰে চাকি জ্বলালে সুখ-সমৃদ্ধিৰ আগমন ঘটে জানো আহক-
১) জ্যোতিষ আৰু বাস্তুশাস্ত্ৰ অনুযায়ী দীপাবলীৰ দিনা তুলসী গছৰ ওচৰত চাকি জ্বলোৱা উচিত। ইয়াৰ ফলত নেতিবাচক শক্তি দূৰ হয় আৰু পৰিয়ালত সুখ-শান্তিৰ আগমন ঘটে।
২) দীপাবলীৰ দিনা সৰিয়হ তেলেৰে চাকি জ্বলোৱা শুভ। তেল ঘৰৰ শক্তি নিৰ্ধাৰণ কৰে। আকৌ চাকিৰ পোহৰক আত্মাৰ প্ৰতীক বুলি ভবা হয়।
৩) বাস্তু-শাস্ত্ৰ অনুসৰি যিখন কাঁহীত চাকি জ্বলোৱা হয় তাত সোণ-ৰূপৰ অলংকাৰ ৰখা উচিত। এনে কৰিলে লক্ষ্মী দেৱীৰ আশীৰ্বাদ পোৱা যায়।
৪) বাস্তু অনুযায়ী প্ৰথমতে মন্দিৰত চাকি জ্বলাব লাগে তাৰ পিছত ঘৰৰ সন্মুখত চাকি জ্বলোৱা উচিত।
৫) বাস্তু শাস্ত্ৰ অনুসৰি দীপাবলীৰ দিনা পূৱ পিনে চাকি জ্বলালে শুভফল পোৱা যায়। তাৰোপৰি পশ্চিম পিনেও চাকি জ্বলালেও সকলো সমস্যাৰ পৰা মুক্তি পোৱা যায়।
৬) দীপাবলীৰ চাকি কেতিয়াও দক্ষিণ পিনে জ্বলাব নালাগে । ইয়াক অশুভ বুলি মনা হয়।
৭) ঘৰৰ চুকত বা ভঙা চাকিত কেতিয়াও চাকি জ্বলোৱা উচিত নহয়।
৮) বহুত চাকি জ্বলোৱাৰ সময়ত প্ৰথমতে বাওঁপিনৰ পৰা চাকি জ্বলোৱা আৰম্ভ কৰিব লাগে আৰু ঘৰৰ মূল দুৱাৰৰ সন্মুখত ডাঙৰ চাকি জ্বলোৱা উচিত।