ভাৰতবৰ্ষত মধুমেহ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা আটাইতকৈ বেছি। জিনগত বা জীৱন যাপনৰ নানা কাৰণত বেছি হৈছে এই হাৰ।আনহাতে ক’ভিডৰ ক্ষেত্ৰটো মধুমেহ অতি ভয়াবহ। মধুমেহ হোৱা ৰোগীয়ে বহুতো খাদ্য বাচি বাচি খাব লগীয়া হয়। এই খাদ্য সমূহ হৈছে-
- বাজৰা খালে মধুমেহ হোৱাৰ আশংকা কম হয়। তেজত শৰ্কৰাৰ হাৰ বঢ়াত বাধা দিয়ে এই খাদ্যবিধে।
- আখৰোটে গ্লুকজৰ মেটাবলিজম বঢ়োৱাত সহায় কৰে । ইয়াৰ উপৰিও তাৰ প্ৰভাৱত শৰীৰৰ ক’লেষ্টেৰল মাত্ৰও নিয়ন্ত্ৰণত থাকে।
- সতেজ শাক-পাচলিত ভিটামিন, খনিজ আদি উপাদান বোৰ প্ৰচুৰ পৰিমাণে থাকে। পালেং , বন্ধাকবি, ব্ৰকলি আদিয়ে তেজত শৰ্কৰাৰ মাত্ৰ নিয়ন্ত্ৰণ কৰে। মধুমেহ ৰোগীয়ে শাক-পাচলিৰ ৰসো খাব পাৰে । আনহাতে কেঁচা বা পাতলকৈ সিদ্ধ কৰিও চালাড হিচাপে এই শাক-পাচলি খাব পৰা যায়।
- কমলা, আঙুৰ , নেমুজাতীয় ফলবোৰত এন্টিঅক্সিডেন্ট, খনিজ আৰু ভিটামিন বহুত পৰিমাণে থাকে। ফলত এনেবোৰ ফল মধুমেহ ৰোগীৰ বাবে অতি আৱশ্যকীয়।
- মধুমেহ ৰোগত ভোগা ৰোগীয়ে ব্লুবেৰী , ষ্ট্ৰবেৰী , ব্লেকবেৰী আদিও খাব পাৰে । এই ফলবোৰত এন্টিঅক্সিডেন্ট , ফাইবাৰ, ভিটামিন আৰু খনিজ উপাদান প্ৰচুৰ পৰিমাণে পোৱা যায়।
- ফাইবাৰযুক্ত মেথি মধুমেহ ৰোগীৰ বাবে অতি প্ৰয়োজনীয়। আনহাতে মেথিয়ে পাচন ক্ৰিয়া নিয়ন্ত্ৰণ কৰাতো সহায়ক হয়।
- কেৰেলা দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত ভূগি থকা ৰোগীৰ বাবে অতি উপকাৰী।