গৃহিণীসকলৰ প্ৰায়েই এটা অভিযোগ থাকে যে বৰ্ষাকালত চাহৰ লগত অথবা স্নেকছ হিচাপে খোৱা কিছুমান খাদ্য যেনে – নিমকি , চিপচ , বিস্কুট আদিবোৰ সোনকালেই সেমেকি নষ্ট হৈ যায়। কিন্তু কিছুমান বিশেষ ঘৰুৱা কায়দাৰে মুখৰোচক এই খাদ্যবোৰ সেমেকি নোযোৱাকৈ সতেজ কৰি ৰাখিব পৰা যায়। এই কায়দাসমূহৰ জৰিয়তে কেৱল বাৰিষাৰ বতৰতে নহয় বছৰৰ অন্য সময়তো এইবোৰ খাদ্য সতেজ কৰি ৰাখিব পাৰি।
এই খাদ্যসমূহ সতেজ কৰি ৰাখিবৰ বাবে কিছুমান ঘৰুৱা দিহা হৈছে-
- সেমেকা ঠাইত এই খাদ্যসমূহ কেতিয়াও ৰাখিব নালাগে । চাহৰ লগত খোৱা এই মচমচিয়া খাদ্যবোৰত যথেষ্ট পৰিমাণে নিমখ থাকে। আনহাতে নিমখে সামান্য হ’লেও জলীয় বাষ্পৰ সংস্পৰ্শলৈ আহিলে গলি পানী হৈ যায়। গতিকে এই খাদ্যবোৰ সেমেকাঠাইত ৰাখিলে তাত থকা নিমখ গলিবলৈ আৰম্ভ কৰে। ফলত সেই খাদ্যবোৰো সোনকালে সেমেকি যায়। গতিকে এনেবোৰ খাদ্য উষ্ণতা থকা ঠাইত ৰখাৰ দৰকাৰ। বতাহ সোমাব নোৱাৰাকৈ কাবাৰ্ডৰ মাজভাগত এনেবোৰ খাদ্য ৰাখিলে বহুদিনলৈ ভাল হৈ থাকে। ভুলতো এইবোৰ খাদ্য টেবুলত অথবা মুকলি ঠাইত ৰাখিব নালাগে।
- বৰিষা কালত স্নেকছ জাতীয় খাদ্য প্লাষ্টিকৰ পাত্ৰৰ সলনি কাঁচৰ পাত্ৰত টানকৈ সাঁফৰ মাৰি ৰখা উচিত। প্লাষ্টিকৰ টেমা বা পাত্ৰত এনে খাদ্য সোনকালে নষ্ট হয়।
- বহুতো ক্ষেত্ৰত দেখা যায় যে বাৰিষা কালত দাইল, ময়দা, চানা আদিবোৰ ৰ’দত শুকুৱাই থয়। কিন্তু স্নেকছ জাতীয় খাদ্য কেতিয়াও ৰ’দত ৰাখিব নালাগে।
- মুখৰোচক খাদ্যসমূহ একেলগে ৰখা উচিত নহয়। প্ৰত্যেকবিধ খাদ্য বেলেগ বেলেগকৈ কাঁচৰ টেমাত টানকৈ ঢাকনি মাৰিহে ৰখা উচিত।
- বজাৰৰ পৰা অনা কোনো পেকেটজাতীয় খাদ্য আধা খোৱাৰ পাচত সেই পেকেটতে বান্ধি নাৰাখি কাঁচৰ পাত্ৰত উলিয়াই বতাহ সোমাব নোৱাৰাকৈ ৰাখিব লাগে।
- আচৰিত যেন লাগিলেও সঁচা যে বিস্কুট , নিমকি , চানা , চিপচ আদিবোৰ ফ্ৰিজত ৰাখিলেও দীৰ্ঘদিনৰ বাবে মচমচিয়া হৈ থাকে।