আপোনাৰ ছালখন ভালে ৰাখিবলৈ আপুনি হয়তো বহুতো যত্ন লয় ৷ কিন্তু আপুনি জাননে চাহে ছালখন ভাল কৰি ৰাৰখাৰ লগতে বলিৰেখা আঁতৰায় আৰু ব্ৰণৰ সমস্যাৰ পৰা মুক্তি দিয়ে । কিন্তু সমস্যা অনুযায়ী চাহ প্ৰস্তুতকৰণ সামগ্রী সলনি হ’ব৷ প্ৰতিদিনে চাহপাত নোহোৱাকৈ বনোৱা এই চাহ একাপ বা সপ্তাহত ৪-৫ কাপ খালে ছালখন পুনৰ সুস্থ হৈ উঠিব।
ছালত ক’লা দাগ
ছালৰ ক’লা দাগ আঁতৰাবলৈ আদাৰ চাহৰ কোনো তুলনা নাই। এন্টিঅক্সিডেন্টৰ দ্বাৰা সমৃদ্ধ আদাত প্ৰদাহ নিবাৰণকাৰী গুণ আছে। আদাৰ বাবে ছালখন উজ্জ্বল হ’ব। ইয়াৰ উপৰিও ইয়াত বিভিন্ন ভিটামিন থাকে। ভিটামিন চিয়ে ক’লা দাগ আঁতৰাই ছালখনক পুনৰ সজীৱ কৰি তোলাত সহায় কৰিব। অৱশ্যে আদাৰ চাহ খোৱাৰ উপৰিও ছানস্ক্ৰীণ ব্যৱহাৰ কৰি ছালখনক ৰ’দৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ।
পদ্ধতি- আদা পানীত ১০ মিনিট উতলাই লওক। পানীখিনি চেকি মৌৰ লগত মিহলাই চাহ হিচাপে খাব।
ব্ৰণৰ সমস্যা
হৰম’নৰ ভাৰসাম্যহীনতাৰ বাবে ব্ৰণৰ সৃষ্টি হয়। কেতিয়াবা অতিৰিক্ত তেলীয়া ছালতো ধূলি আৰু মলি জমা হোৱাৰ বাবে এই ধৰণৰ সমস্যা দেখা যায়। ব্ৰণৰ সমস্যা থাকিলে পদিনা চাহে সহায় কৰিব। পদিনাই হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। ইয়াৰ উপৰিও এই চাহে ছালৰ জিলিকনি পুনৰ ঘূৰাই অনাতো সহায় কৰে।
পদ্ধতি- কিছু সতেজ পদিনা পাত এবাটি পানীত ১০ মিনিট উতলাই চেকি লওক। মৌ দিব পাৰে। কিন্তু কেতিয়াও চেনি ব্যৱহাৰ নকৰিব।
বলিৰেখা
ছালত প্ৰায়ে খজুৱতি হয় । যাৰ ফলত ছালত জ্বলন হয় ৷ এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ গ্ৰীণ টিৰ চুমুক দিব পাৰে। এই চাহে ছালৰ বলিৰেখা আঁতৰোৱাতো সহায় কৰে। ইয়াত এন্টি অক্সিডেন্ট থাকে। প্ৰতিদিনে গ্ৰীণ টী খালে ছালৰ সমস্যা নিৰাময় হোৱাই নহয় শৰীৰটোও সুস্থ হৈ থাকিব।
পদ্ধতি-গ্ৰীণ টীৰ বেগ গৰম পানীত ডুবাই চাহ প্ৰস্তুত কৰিব ৷ মৌ মিহলাই দিব পাৰে।