পৰ্যটকসকললৈ সুখবৰ। এতিয়াৰে পৰা এণ্টাৰ্কটিকালৈও আপুনি ফুৰিবলৈ যাব পাৰিব। বৰফাবৃত এণ্টাৰ্কটিকাত প্ৰথমবাৰলৈ বিমান অবতৰণ কৰে। এয়াৰ বাছ এ – ৩৪০ নামৰ বিমান খন বৰফৰ বুকুত অৱতৰণ কৰি ইতিহাস ৰচনা কৰে।
হাই ফ্লাই নামৰ বিমান কোম্পানীৰ ২৯০ জন যাত্ৰী কঢ়িয়াই নিব পৰা বিমানখন ৩ হাজাৰ ফুট দীঘল ৰানৱে’ত সুকলমে অৱতৰণ কৰিবলৈ সক্ষম হয়।
কেপ্টেইন কাৰলছ মিৰপুৰী আৰু তেওঁৰ সহযোগীসকলে দক্ষিণ আফ্ৰিকাৰ কেপটাউন চহৰৰ পৰা ২৫০০ ন’টিকেল মাইল অতিক্ৰম কৰি এণ্টাৰ্কটিকাৰ বুকুত পদাৰ্পণ কৰিবলৈ সক্ষম হয়।
৫ ঘণ্টা ১০ মিনিট সময়তে দক্ষিণ আফ্ৰিকাৰ পৰা এণ্টাৰ্কটিকাত উপস্থিত হোৱা বিমানখনে পূৰ্বৰে পৰা পৰীক্ষা চলাই আহিছিল। ২০১৯ চনৰ পৰা কেইবাবাৰো সফল পৰীক্ষণৰ অন্তত অৱেশষত আনুষ্ঠানিক ভাবে ঘোষণা কৰে। এতিয়াৰে পৰা এণ্টাৰ্কটিকালৈ যাত্ৰা কৰা সাধাৰণ যাত্ৰীৰ বাবেও সম্ভৱ হ’ল।