১) চুলি কোচা সুন্দৰকৈ ৰাখিবলৈ আমি নহৰু খাব লাগে। চুলিৰ বাবে আয়োডিন প্ৰয়োজন হয়। আয়োডিন পাবলৈ দিনত ৫/৬ ফোটা নহৰু নিয়মীয়াকৈ খাব লাগে।
২) শৰীৰৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ প্ৰতিসাঁজ আহাৰত ৫ ফোট কৈ নহৰু সদায় খাব লাগে।
৩) নহৰুৰ ৰস বা নহৰুৰ তেল সমান পৰিমানৰ পানীৰ লগত মিহলি কৰি গাত সানিলে গাৰ ছাল নিমজ হয়।
৪) শৰীৰৰ কোনো অংশত ছাল ফাটিলে নহৰুৰ ৰস পানীৰ লগত মিশ্ৰণ কৰি লগালে ছালৰ ফটা অংশ ভাল হয়।
৫) নিয়মীয়াকৈ নহৰু খালে , শৰীৰত উৎপন্ন হোৱা দূষিত পদাৰ্থ সমূহ বাহিৰ হয় আৰু অদৰকাৰী কোষ সমূহ নষ্ট হয়।
৬) আঙুলিৰ মাজত বা দেহৰ অন্য স্থানত ফোঁহা হ’লে গৰম পানীৰে ধুই চাফা কৰি এফোটা নহৰুৰ ৰস তিনি চামোচ নাৰিকল তেলত গৰম কৰি লগালে ভাল হয়।
৭) বৃদ্ধ বয়সত স্মৰণ শক্তি হ্ৰাস আৰু হাত-ভৰিৰ কঁপনি নহবলৈ প্ৰতি সাজত ৫/৬ ফোটা নহৰু নিয়মীয়াকৈ খাব লাগে।
৮) হাত-ভৰিৰ স্নায়ু সবল কৰি ৰাখিবলৈ নহৰু ঘিউত ভাজি মালিচ কৰিব লাগে।
৯) লিউক’ডাৰমা বা ছালত বগা পৰা ৰোগত নহৰু ১০ ফোটাকৈ খোৱাৰ উপৰি নহৰুৰ তেল কেঁচা হালধিৰ লগত মিহলি কৰি দিনে দুইবাৰ সানিব লাগে।
১০) টকৌৱে খোৱাত নহৰু এফোটা ভাঙি চুলি সৰা স্থানত বা খজুৱতি হোৱা স্থানত দিনে তিনিবাৰকৈ সানিলে চুলি সৰা বন্ধ হয় আৰু চুলি গজে।