ওজন কমোৱাতোটো মুখৰ কথা নহয়, বৰঞ্চ বহু সময়ৰ চেষ্টা আৰু বিফলতাৰ পিছতহে ওজন নিয়ন্ত্ৰণ কৰাটো সম্ভৱ । ব্যায়ামৰ পৰা কঠোৰ খাদ্যাভ্যাসলৈকে – ওজন কমোৱাৰ কিছুমান উপায়।বহুতে দিনে-ৰাতি ব্যায়াম কৰিলে তেওঁলোকৰ ওজন সোনকালে কমি যাব বুলি ভাবে। এই ধাৰণা ভুল বুলি বাৰে বাৰে প্ৰতিপন্ন হৈছে। ব্যায়ামৰ নিশ্চয় প্ৰয়োজন। একে সময়তে খাদ্যৰ প্ৰতিও গুৰুত্ব দিব লাগিব। স্বাস্থ্যসন্মত আহাৰ গ্ৰহণে ওজন নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। সহজে ওজন কমাব পৰা যায়। ওজন হ্ৰাসৰ পৰ্যায়ত আপুনি কি খায় তাতকৈ অধিক গুৰুত্বপূৰ্ণ হ’ল আপুনি কিমান খায়। স্লিমিং ফেজত পৰিমাণ চোৱাটো গুৰুত্বপূৰ্ণ। কিন্তু স্বাস্থ্যসন্মত খাদ্য কমকৈ খোৱাটোৱেই যথেষ্ট নহয়। খাদ্য ৰন্ধনত তিনিটা পৰিৱৰ্তন কৰক। কেইদিনমানৰ ভিতৰতে আপোনাৰ ওজন হ্ৰাস পাব ৷
১) শাক-পাচলি খাদ্য তালিকাত ৰাখিব লাগে। কিন্তু শাক-পাচলি কাটি থাকোঁতে বাকলি পেলাই নিদিব। কাৰণ বাকলিত প্ৰচুৰ পৰিমাণে আঁহ থাকে। যিয়ে দীর্ঘসময় ধৰি পেট ভৰি থকাত সহায় কৰে। ফলত সঘনাই খাদ্য খোৱাৰ প্ৰৱণতাও কমি যায়। ইয়াৰ উপৰিও ইয়াত পুষ্টিকৰ উপাদান থাকে। যিয়ে ওজন কমোৱাত সহায় কৰে।
২) যদি আপুনি ওজন কমাব বিচাৰে তেন্তে ৰন্ধা-বঢ়াত ক’লা জিৰা বা জলকীয়া দিব পাৰে। এই মছলাবোৰত বিভিন্ন খনিজ পদাৰ্থ থাকে। যিয়ে ওজন কমাবলৈ সহায় কৰে। ইয়াৰ বাহিৰেও ধনীয়া পাত আৰু তৰকাৰী পাত ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰিব পাৰি। আপুনি লাভৱান হ’ব।
৩) ৰন্ধাৰ সময়ত পাচলিবোৰ ডাঙৰ ডাঙৰকৈ কাটি লওক। সৰু সৰুকৈ কাটিলে পাচলিয়ে তেল অধিক শোষণ কৰে । ফলত অতিৰিক্ত তেল শাক-পাচলিৰ যোগেদি শৰীৰত প্ৰৱেশ কৰে। শাক-পাচলি খোৱাৰ কোনো লাভ নাই। শাক-পাচলিবোৰ ডাঙৰ ডাঙৰকৈ কাটি লওক। ই অধিক তেল শোষণ কৰিব নোৱাৰে।