চালাড, সাধাৰণ তৰকাৰী বা চীনা খাদ্য, সকলোতে কেপচিকাম ব্যৱহাৰ কৰা হয় ৷ এই পাচলিবিধৰ সোৱাদে সাধাৰণ খাদ্যক অসাধাৰণ কৰি তোলে। কেপচিকাম সেউজীয়া। ৰঙা, হালধীয়া ৰঙৰবোৰ বেল পেপাৰ। বহুতে এই শাক-পাচলিবোৰ কেৱল দেখাত ভাল বুলিয়েই বজাৰৰ পৰা কিনি লয়। কিন্তু পুষ্টিবিদসকলে কয় যে কেপচিকাম, বেল পেপাৰৰ পুষ্টি মূল্য অসাধাৰণ। তিনিওবিধ পাচলি স্বাস্থ্যৰ বাবে ভাল। কিন্তু পুষ্টিৰ ক্ষেত্ৰত ৰঙা ৰঙৰ বেল পেপাৰ অতি উন্নত। সেউজীয়া কেপচিকাম বা ৰঙা-হালধীয়া বেল পেপাৰত কি কিপ্ৰয়োজনীয় উপাদান থাকে জানো আহক।
কেপচিকাম খালে কি কি উপকাৰ হয়?
কেপচিকামত যথেষ্ট পৰিমাণে ভিটামিন চি থাকে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ইয়াৰ উপৰিও কেপচিকামত ভিটামিন কে আৰু এ থাকে। এই ভিটামিন দুটা হৃদযন্ত্ৰ, চকু আৰু ছালৰ বাবে উপকাৰী। সেউজীয়া কেপচিকামত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, যিয়ে পেশীৰ সংকোচন আৰু শিথিলতাত সহায় কৰে। ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। ভিটামিন এ হাওঁফাওঁৰ কাৰ্য্যক্ষমতা উন্নত কৰে, চকুৰ দৃষ্টিশক্তি ভাল কৰি ৰখাত সহায় কৰে।
হালধীয়া বেল পেপাৰ খালে কি কি লাভ হয়?
বজাৰৰ আন আন শাক-পাচলিৰ মাজত ইয়াৰ উজ্জ্বল হালধীয়া ৰঙৰ বাবে ই যথেষ্ট জনপ্ৰিয়। হালধীয়া বেল পেপাৰত ভিটামিন চি, এ আৰু বি৬ থাকে। এই সকলোবোৰ উপাদান ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে অপৰিহাৰ্য। ইয়াৰ উপৰিও দৃষ্টিশক্তি, মগজুৰ কাৰ্যকলাপ পৰিচালনাতো সহায় কৰে। এই পাচলিবোৰত পটাছিয়াম, ফ’লেট আদি খনিজ পদাৰ্থ থাকে। এই সকলোবোৰ খনিজ পদাৰ্থ হৃদযন্ত্ৰক সুস্থ কৰি ৰখাৰ লগতে শাৰীৰিক কাৰ্য্য পৰিচালনাৰ বাবেও প্ৰয়োজন। সেউজীয়া কেপচিকামৰ তুলনাত হালধীয়া বেল পেপাৰত ভিটামিন চিৰ পৰিমাণ দুগুণ বেছি। কিন্তু বিটা কেৰটিন বা ভিটামিন এৰ পৰিমাণ সেউজীয়া কেপচিকামৰ এক তৃতীয়াংশ।
ৰঙা বেলপেপাৰ কিয় খাব লাগে?
ৰঙা বেল পেপাৰৰ লগত সেউজীয়া কেপচিকাম, হালধীয়া ৰঙ বেলপেপাৰৰ মিশ্ৰণে খাদ্যত আন এক মাত্ৰা যোগ কৰে। ভিটামিন চি সমৃদ্ধ এই পাচলি ছালত কলাজেন উৎপাদনত সহায় কৰে। কেলৰি কম হোৱাৰ বাবে ওজন বৃদ্ধিৰ আশংকা নাই। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, দৃষ্টিশক্তি ভালে ৰখা আৰু কেন্সাৰ প্ৰতিৰোধ কৰাত এই পাচলিবিধৰ বিশেষ ভূমিকা আছে। সেউজীয়া কেপচিকামৰ তুলনাত ইয়াত ১১ গুণ বেছি বিটা-কেৰটিন, ১.৫ গুণ বেছি ভিটামিন-চি আৰু ১০ গুণ বেছি ভিটামিন এ থাকে।