দিনে দিনে বৃদ্ধি পাইছে ‘গ্ৰীন টি’ বা সেউজীয়া চাহৰ জনপ্ৰিয়তা । ইয়াৰ মূল কাৰণটো হৈছে ইয়াৰ ঔষধি গুণ। গোটেই বিশ্বত পানীৰ পাচতে সৰ্বাধিক প্ৰচলিত পানীয়বিধ হৈছে ‘গ্ৰীন টি’ । ‘গ্ৰীন টি‘ প্ৰস্তুত কৰা যি প্ৰক্ৰিয়া তাত শৰীৰৰ বাবে উপকাৰী দ্ৰব্যসমূহ বেছি পৰিমাণে থাকি যায় । সেইবাবেই গ্ৰীণ টি স্বাস্থ্যৰ বাবে বহুত উপকাৰী ।
গ্ৰীণ টিৰ কিছুমান বিশেষ উপকাৰিতা আছে । যিসকল লোকে নিয়মিতভাৱে গ্ৰীন টি সেৱন কৰে , তেনে লোকৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা কম থাকে। ‘গ্ৰীন টি’ ত কলেষ্টেৰলৰ পৰিমাণ খুব কম থকাৰ ফলত হৃদৰোগ আৰু ৰক্তবাহী শিৰাৰ বিভিন্ন বেমাৰৰ পৰা হাত সাৰি থকাত সহায়ক হয় ।
‘গ্ৰীন টি’ৰ আন এক উপকাৰিতা হৈছে ই ওজন কমোৱাৰ লগতে শকত হোৱাৰ প্ৰৱণতা নাইকিয়া কৰিব পাৰে। ই এজন ব্যক্তিক এদিনত ৭০ কেলৰি পৰ্য্যন্ত কমোৱাত সহায় কৰিব পাৰে। ‘গ্ৰীন টি’ য়ে পেট বা উৰু অংশৰ অতিৰিক্ত চৰ্বি কমোৱাত সহায় কৰে। লগতে শৰীৰৰ বিষ হৰণ কৰাত সহায় কৰাৰ লগতে শৰীৰত থকা অতিৰিক্ত পানী নিঃসৰণ কৰে ।
ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ আদিৰ দৰে ৰোগৰ বাবেও গ্ৰীণ টি বহুত উপকাৰী। দৈনিক গ্ৰীণ টিৰ সেৱনে ষ্ট্ৰকৰ সম্ভাৱনা হ্ৰাস কৰে । গ্ৰীন টিত থিয়েনহিন নামৰ এক দ্ৰব্য থাকে যিয়ে মনৰ উদ্ৰেগ হ্ৰাস কৰে আৰু মন শান্ত কৰে । স্মৃতি শক্তি বৃদ্ধি আৰু এলজেইমাৰ প্ৰতিৰোধতো গ্ৰীণ টি বহুত উপকাৰী ।গ্ৰীণ টিৰ উপকাৰী গুণবোৰ লাভ কৰিবলৈ হ’লে দৈনিক ৩ কাপ বা তাতকৈ অধিক টি খোৱাতো নিত্যান্তই প্ৰয়োজন।