ডায়বেটিছ ৰোগত মধুৰীআম খোৱা অকল যে উপকাৰেই নহয় তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পাৰে মধুৰীআমে।
১) প্ৰতিদিনে মধুৰিআম খালে চুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে।
২) মধুৰীআমৰ গুটি পেলাই দিব নালাগে। মধুৰিআমৰ গুটিত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে। গুটি চোবাই অন্তত্ব ৰস খিনি খালে শৰীৰত পুষ্টিগুণ সৰবৰাহ হয়।
৩) ফাইবাৰ থকা খাদ্য ডায়বেটিছ ৰোগীৰ বাবে উপকাৰী। মধুৰীআমত প্ৰচুৰ পৰিমাণে ফাইবাৰ পোৱা যায়। মধুৰীআমে ভোক নিবাৰণ কৰাৰ লগতে তেজত চেনিৰ পৰিমাণ আয়ত্বত ৰাখে।
৪) মধুৰীআমত যথেষ্ট পৰিমাণে ভিটামিন চি’ থাকে। গতিকে শীতকালত নিয়মিত ভাৱে মধুৰীআম খোৱা উচিত।
৫) মধুৰীআমত থকা পুষ্টিগুণ সমূহে মানুহৰ শৰীৰত পুষ্টি সৰবৰাহ কৰাৰ ফলত মানৱ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। যাৰ ফলত ডায়বেটিছৰ লগতে আান আন ৰোগৰ লগতো মোকাবিলা কৰিবলৈ সক্ষম হয়।
৬) মধুৰীআমত কেলৰীৰ পৰিমাণ কম থাকে। স্বাস্থ্য সচেতন ব্যক্তিয়ে বিনা চিন্তাই মধুৰীআম খাব পাৰে।