VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে কোনটো বাৰক ‘সপ্তাহৰ আটাইতকৈ বেয়া দিন’ হিচাপে ঘোষণা কৰিছে ?

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত বিশ্বৰ আটাইতকৈ কম বয়সীয়া মহিলা লেখিকা হিচাপে অভিলেখ ৫বছৰীয়া কন্যা বেলা-জে ডাৰ্কৰ

voicedesk by voicedesk
January 13, 2023
in জীৱন
গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে কোনটো বাৰক ‘সপ্তাহৰ আটাইতকৈ বেয়া দিন’ হিচাপে ঘোষণা কৰিছে ?
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰা বৰ সহজ কথা নহয় সেয়া আমি সকলোৱে জানোঁ ৷ কিবা এক বিশেষ দিশত বা বিশেষ বিষয়ত পাৰদৰ্শী সকলেহে ইয়াৰ যোগেদি বিশ্ব অভিলেখ গঢ়িব পাৰে ৷ এই ক্ষেত্ৰত সেই বিশেষ লোক সকলক উৎসাহিত কৰিবলৈ ‘ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ’এ  নিয়মিতভাৱে বিভিন্ন শিতানত বিশ্ব অভিলেখ গঢ়া লোকসকলৰ বিষয়ে সকলোকে অৱগত কৰে।

২০২২ চনত  বিশ্বৰ আটাইতকৈ ওখ মানুহজনৰ পৰা  আৰম্ভ কৰি আটাইতকৈ দীঘল গোঁফ থকাজনলৈকে এনে বহু অভিলেখ দেখা পোৱা গ’ল। মানুহক স্তম্ভিত কৰিব পৰা  তেনে পাঁচটা অভিলেখৰ বিষয়ে জানোঁচোন আহক।

সোমবাৰ ‘সপ্তাহৰ আটাইতকৈ বেয়া দিন’  ৷ কিয়নো মজাৰে ভৰা  এটা জিৰণি নাইবা বিনোদনৰ দিন অৰ্থাৎ দেওবাৰৰ পিছত  সোমবাৰে  পুৱা  অফিচলৈ যোৱা লোকসকলৰ বাবে যথেষ্ট মানসিক চাপৰ সৃষ্টি কৰা  অপ্ৰীতিকৰ দিন হিচাপে বিবেচিত এই সোমবাৰ । এই কথা মনত ৰাখি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে সোমবাৰটোক ‘সপ্তাহৰ আটাইতকৈ বেয়া দিন’  হিচাপে  ঘোষণা কৰে।

২০২১ চনত মৰক্কোত এটা প্ৰসৱতে পাঁচগৰাকী ছোৱালী আৰু চাৰিটা ল’ৰা  মুঠ  ৯টা শিশুৰ জন্ম হোৱা ঘটনায়ো সৃষ্টি কৰিছে বিশ্ব অভিলেখ ৷

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে টুইটযোগে এই কথা ঘোষণা কৰিছে  যে তেওঁলোকে  আনুষ্ঠানিকভাৱে সোমবাৰক সপ্তাহটোৰ আটাইতকৈ বেয়া দিনৰ অভিলেখ প্ৰদান কৰিছে  । আনহাতে ২০২১ চনত মৰক্কোত একেটা প্ৰসৱতে ৯টা সন্তান, পাঁচজনী ছোৱালী আৰু চাৰিটা ল’ৰা সন্তান জন্ম দিয়া মালিৰ এগৰাকী মাতৃয়ে ২০২২ চনৰ ডিচেম্বৰ মাহত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখনীয় যে  তেওঁৰ আটাইকেইটি সন্তান  বৰ্তমান  সুস্থ  ।

ইফালে টেটু আৰু বডি মডিফিকেচনৰ প্ৰতি আকৰ্ষিত আৰ্জেণ্টিনাৰ এহাল দম্পতীয়ে সৰ্বাধিক শৰীৰ পৰিৱৰ্তনেৰে বিশ্ব অভিলেখ ভংগ কৰিছে। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ তথ্য অনুসৰি গেব্ৰিয়েলা পেৰাল্টা আৰু ভিক্টৰ হুগো পেৰাল্টাৰ শৰীৰত ৯৮টা পৰিৱৰ্তন কৰা হৈছে। আনকি এই দম্পতীহালে তেওঁলোকৰ  চকুৰ বগা অংশটো চিয়াঁহীৰে টেটু কৰিছে যিয়ে তেওঁলোকৰ চকু ক’লা কৰি পেলায়।

ইৰাণৰ আফশ্বিন ইছমাইল গাদাৰজাদেক গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা বিশ্বৰ আটাইতকৈ চুটি ব্যক্তি হিচাপে নিৰ্বাচিত কৰা হৈছে। বিশ বছৰীয়া আফশ্বিনৰ উচ্চতা হ’ল ৬৫.২৪ চে.মি.(২ ফুট, ১.৬ ইঞ্চি) ৷  গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে পৰীক্ষা কৰা মতে আফছিন জীৱিত চতুৰ্থজন আটাইতকৈ চুটি মানুহ হিচাপে পৰিগণিত হৈছে।

ইউনাইটেড কিংদমৰ  ৫বছৰীয়া কন্যা বেলা-জে ডাৰ্কে প্ৰথমখন গ্ৰন্থ প্ৰকাশৰ পিছতেই  গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত বিশ্বৰ আটাইতকৈ কম বয়সীয়া মহিলা লেখিকা হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।‘দ্য লষ্ট কেট’ নামৰ গ্ৰন্থখনৰ যোগেদি  মাকে কঢ়িয়াই লৈ যোৱাৰ সময়তে হেৰাই যোৱা মেকুৰী পোৱালি এটাৰ জীৱনক কেন্দ্ৰ কৰিয়ে লিখা এই কিতাপখন এই শিতানত অভিলেখ হিচাপে যোগ্যতা অৰ্জন কৰিবলৈ প্ৰয়োজনীয় নূন্যতম ১০০০ কপিতকৈও অধিক বিক্ৰী হৈছিল ।

Previous Post

পুৰুষ চিকিৎসকৰ ওচৰলৈ যাব নোৱাৰিব মহিলা চিকিৎসকে, আফগানত তালিবানৰ নতুন নির্দেশনা

Next Post

৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংসদৰ অধিৱেশন, দাখিল হ’ব মোদী চৰকাৰৰ দ্বিতীয় কার্যকালৰ অন্তিমখন সম্পূৰ্ণ বাজেট

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংসদৰ অধিৱেশন,  দাখিল হ’ব মোদী চৰকাৰৰ দ্বিতীয় কার্যকালৰ অন্তিমখন সম্পূৰ্ণ বাজেট

৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংসদৰ অধিৱেশন, দাখিল হ’ব মোদী চৰকাৰৰ দ্বিতীয় কার্যকালৰ অন্তিমখন সম্পূৰ্ণ বাজেট

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7