নেতিবাচক খবৰেৰে ভৰি থকা সংবাদবোৰৰ মাজত এটা ইতিবাচক সৰু খবৰেও যেন পাঠকৰ মুখলৈ হাঁহি কঢ়িয়াই আনে। ব্যস্ত, ক্লান্ত সময়বোৰৰ ভাগৰ পলুৱাবলৈ মানুহবোৰৰ মনবোৰে কৰবাত এই ইতিবাচক সংবাদবোৰ বিচাৰি ফুৰে।
অৱশ্যে এনেকুৱা নহয় যে পৃথিৱীত ভাল খবৰৰ অভাৱ। কিন্তু প্ৰতিদিনে ঘটি থকা অজস্ৰ বেয়া খবৰৰ মাজত এই শুভ সংবাদবোৰ হেৰাই যায়। সম্প্ৰতি সামাজিক মাধ্যমৰ পৃষ্ঠাই পৃষ্ঠাই ভাইৰেল হৈছে এনে এজন সাধাৰণ মানুহৰ কাহিনী।
মানুহজনৰ নাম সুৰজমল নেইন। হাৰিয়ানাৰ এই কৃষকজনক এতিয়া সকলোৱে তেখেতৰ সততা আৰু দায়বদ্ধতাৰ বাবেই চিনি পায়।
তথ্য অনুসৰি ৬৫ বছৰীয়া কৃষক নেইনে ২০১৪ চনতে তেখেতৰ নষ্ট হোৱা খেতিৰ বাবদ জলসিঞ্চন বিভাগৰ পৰা ক্ষতিপূৰণ দাবী কৰিছিল। প্ৰায় দুই একৰ মাটিত নষ্ট হোৱা ফচলৰ বাবদ তেওঁ লাভ কৰিবলগীয়া ধনৰ মূল্য আছিল ১৪ হাজাৰ টকা। কিয়নো ৰাজহ বিভাগে প্ৰতি একৰ মাটিত ক্ষতিপূৰণৰ পৰিমাণ ধাৰ্য কৰিছিল ৭ হেজাৰ টকা।
ভুলবশতঃ ৰাজহ বিভাগে তেখেতক ৭০ হাজাৰ টকা আদায় দিয়ে। ধনৰ পৰিমাণ দেখি নেইন বিচলিত হোৱাৰ পৰিৱৰ্তে তৎপৰ হৈ উঠিল অতিৰিক্ত ধন ঘূৰাই দিয়াৰ লক্ষ্যতহে! যিকোনো উপায়েৰে অতিৰিক্ত ৫৬ হাজাৰ টকা ঘূৰাই দিয়াৰ লক্ষ্যৰে এতিয়াও তৎপৰ নেইন।
ভাৰতবৰ্ষত কিছু সংখ্যক বাদ দি অধিকাংশ কৃষকৰ আৰ্থিক তথা সামাজিক স্থিতি সকলোৰে জ্ঞাত। এনে সময়ত এটা শকত পৰিমাণৰ ধনলৈ লোভ নকৰি চৰকাৰ তথা দেশৰ প্ৰতি নেইনে প্ৰদৰ্শন কৰা দায়বদ্ধতা শলাগ ল’বলগীয়া।
আনহাতে কেইমাহমান আগতে অসমত প্ৰায় ১১ লাখ ভুৱা কৃষকে ১৭৬০ কোটি টকা কৃষক সন্মান নিধিৰ ধন লাভ কৰাৰ বাতৰিয়ে ৰাজ্য তোলপাৰ লাগিছিল। অসমত সন্দেহজনক উপায়েৰে বহুতো ভুৱা কৃষকক আঁচনিত তালিকাভুক্ত কৰা হৈছিল।
যি সময়ত নেইনৰ দৰে দায়িত্বশীল তথা সৎ কৃষকৰ কাহিনীয়ে সকলোকে অনুপ্ৰাণিত কৰিছে একে সময়তে দুখীয়াৰ ধন কাঢ়ি ভুৱা কৃষকৰ নাম লোৱা সকলক সকলোৱে একেমুখে গৰিহনা দিছে।